ডাউনলোড
মোবাইল এপ

android apple
signal

নৃত্য শিল্পী তথা সত্ৰীয়া সংস্কৃতিৰ সাধক যতীন গোস্বামীলৈ  পদ্মভূষণ সন্মান

ৰাজ্যৰ প্ৰখ্যাত নৃত্য শিল্পী তথা সত্ৰীয়া সংস্কৃতিৰ সাধক যতীন গোস্বামীলৈ চলিত বৰ্ষৰ পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে। ১৯৩৩ চনত জন্ম গ্ৰহণ কৰা এইগৰাকী শিল্পীলৈ ভাৰত চৰকাৰে ২০০৮ চনত পদ্মশ্ৰী সন্মান আগবঢ়াইছিল। ইয়াৰ পূৰ্বে ২০০৪ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰে। অসম নাট্য সন্মিলন বঁটা, আনন্দ মোহন ভাগৱতী নৰ্তন বঁটা, ভৱেন্দ্ৰ নাথ শ‍ইকীয়া ভ্রাম্যমাণ থিয়েটাৰ বঁটাকে ধৰি যতীন গোস্বামীয়ে বহু বঁটা সন্মান লাভ কৰিছে। নৃত্য চৰ্চাৰ লগতে শ্রীগোস্বামীয়ে নৃত্য বিষয়ক কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে। তেওঁ মাটি আখৰা, নৃত্য পৰিভাষিক শব্দ আৰু সংজ্ঞা, নৃত্যৰ শিক্ষা, নৃত্যৰ প্ৰাথমিক হস্ত পৰিচয় আদিকে ধৰি কেইবাখনো নৃত্য নাটিকা ৰচনা কৰিছে। লেখক, সাংবাদিক পুলিন কলিতাই ৰচনা কৰা  শিল্পীগৰাকীৰ জীৱনী গ্রন্থ ঐছন জনম গোৱাই প্ৰকাশ পাইছে।

অধিক পঢ়ক

সকলো চাওক