■ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱানিশা নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংক সংযোগী নির্মীয়মান উৰণ সেতুখনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। লোকনিৰ্মাণ বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ সৈতে গুৱাহাটী ক্লাবত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উৰণসেতুখন সমাপ্ত পৰিবলগীয়া অংশটোৰ বুজ লয়। সাংবাদিকেৰে হোৱা কথা-বতৰাত তেওঁ কয় যে উৰণ সেতুখন পূৰ্বৰ তুলনাত এতিয়া কিছু সৰু কৰাৰ সিদ্ধান্ত লোৱা হৈছে। পূৰ্বতে লোৱা সিদ্ধান্ত অনুসৰি নুনমাটি দিশৰ পৰা আহিলে উৰণসেতুখন ৰিজাৰ্ভ বেংকত শেষ হ’লহেঁতেন, কিন্তু এতিয়া ৰবীন্দ্ৰ ভৱনৰ সন্মুখত উৰণসেতুখন শেষ কৰা হ’ব। আনহাতে, উৰণ সেতু নিৰ্মাণৰ বাবে গুৱাহাটী ক্লাবত থকা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিটো স্থানান্তৰ কৰা নহয় বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। ইফালে দীঘলী পুখুৰীৰ পাৰৰ পুৰণি গছসমূহ উৰণ সেতু নিৰ্মাণৰ বাবে কাটি পেলোৱাৰ যি বাতৰি ওলাইছিল সেয়াও তেওঁ অস্বীকাৰ কৰে। তেওঁ কয় যে লোকনির্মাণ বিভাগে গছসমূহ কটাৰ পৰিৱৰ্তে অত্যাধুনিক প্রযুক্তিৰে পুৰণি উপায়ুক্ত বাংলোৰ চৌহদলৈ স্থানান্তৰৰ পৰিকল্পনাহে কৰিছিল।
Site Admin | November 6, 2024 10:19 AM | AIR GUWAHATI | CMO Assam | Flyover Guwahati | himanta bisha sarma