ডাউনলোড
মোবাইল এপ

android apple
signal

November 6, 2024 7:43 PM | Jal Utsav

printer

নীতি আয়োগৰ ১৫ দিনীয়া জল উৎসৱ আৰম্ভ

নীতি আয়োগে জল ব্যৱস্থাপনা, সংৰক্ষণ আৰু বহনক্ষমতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ১৫ দিনীয়া জল উৎসৱ আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰৰ ডিচেম্বৰত অনুষ্ঠিত মুখ্য সচিবসকলৰ তৃতীয় সন্মিলনত নদী উৎসৱৰ লেখিয়াকৈ জল উৎসৱ উদযাপনৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ অনুসৰি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। নীতি আয়োগে প্ৰকাশ কৰা মতে দেশৰ ২০ খন অভিলাসী জিলা আৰু বিভিন্ন উন্নয়ন খণ্ডত আজিৰেপৰা ২৪ নৱেম্বৰলৈ ৰাষ্ট্ৰীয় জল জীৱন মিছন, খোৱাপানী আৰু অনাময় বিভাগ আৰু জলশক্তি মন্ত্ৰালয়ৰ সহযোগিতাত এই অভিযানৰ আয়োজন কৰা হৈছে। দেশৰ মুঠ ২০ খন ৰাজ্যত আৰম্ভ হোৱা এই অভিযানৰ জৰিয়তে জল সংৰক্ষণ আৰু জল সম্পদৰ সুৰক্ষাৰ ক্ষেত্ৰত সমূহীয়া অংশগ্রহণ সুনিশ্চিত কৰিবলৈ বিচৰা হৈছে। জল ব্যৱস্থাপনা কার্যকলাপত পৰিয়াল তথা সম্প্ৰদায়ৰ ভিতৰত পৰিৱৰ্তনৰ অনুঘটক হিচাপে কাম কৰিবলৈ এই অভিযানে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক নিয়োগ কৰিছে। ডিমা হাছাও জিলাতো আজি জল উৎসৱ অভিযান আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত তথা জাতিংগা উপত্যকা অভিলাসী উন্নয়ন খণ্ডৰ সহযোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে বহনক্ষম উন্নয়নৰ ক্ষেত্ৰসমূহত সামূহিক অংশগ্রহণ সুনিশ্চিত কৰাৰ প্ৰয়াস কৰা হৈছে। আজি এই অনুষ্ঠানৰ শুভাৰম্ভ কৰি এই কাৰ্যসূচীৰ বাবে নীতি আয়োগৰ ৰাজ্যিক ন’ডেল বিষয়া মৈত্রেয়ী মিশ্রই জিলাখনৰ এন লেইকুল জনজাতীয় সম্প্রদায়ে এই ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে। অনুষ্ঠানত জিলাখনৰ আয়ুক্তই নিজৰ ভাষণত স্থানীয় লোকসকলক বিশেষ মহিলাসকলক বহনক্ষম জলব্যৱস্থাপনা অভ্যাস গঢ়ি তোলাৰ বাবে উৎসাহ যোগায়। উল্লেখযোগ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তথ্য অনুসৰি অঞ্চলটোত ৩৬ হাজাৰ ৫৩৬টা খোৱাপানীৰ নল কাৰ্যক্ষম হৈ আছে। আজি শুভাৰম্ভ কৰা এই অভিযানৰ সহায়ত ৰাজ্যখনৰ জলব্যৱস্থাপনা প্রক্রিয়া সক্ৰিয় আৰু নিয়াৰিকৈ পৰিচালনা কৰিবলৈ লক্ষ্য লোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক