প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বিকশিত ভাৰত, ২০৪৭ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে মহৎ আকাংক্ষা। নীতি আয়োগৰ নৱম পৰিচালন পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰি আজি নৰেন্দ্ৰ মোদীয়ে লগতে কয় যে, ৰাজ্যসমূহে এই লক্ষ্যত উপনীত হ’বৰ বাবে সক্রিয় ভূমিকা গ্ৰহণ কৰিব পাৰে, কিয়নো ৰাজ্যসমূহ প্ৰত্যক্ষভাৱে জনসাধাৰণৰ সৈতে জড়িত হৈ আছে। তেওঁ কয় যে, এই দশকতো হৈছে পৰিৱৰ্তন, প্রযুক্তিগত আৰু ভূৰাজনৈতিক সম্পৰ্কৰ সময়। ভাৰতে এই সুবিধাসমূহ গ্ৰহণ কৰি বৈদেশিক বিনিয়োগৰ বাবে অনুকূল হিচাপে গঢ়ি তুলিব লাগে। ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে এয়া প্ৰগতিৰ খোজ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰত এতিয়া উন্নতিৰ সঠিক দিশেৰে আগবাঢ়ি গৈছে। দেশবাসী এতিয়া উৎসাহ আৰু আত্মবিশ্বাসেৰে ভৰপূৰ হৈ আছে। বিকশিত ভাৰত ২০৪৭ৰ সপোন সকলো ৰাজ্যৰ ঐক্যবদ্ধ প্ৰচেষ্টাত পূৰ্ণ কৰিব পৰা যাব বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। তেওঁ লগতে কয়, বিকশিত ৰাজ্যসমূহে বিকশিত ভাৰত নিৰ্মাণ কৰিব। ভাৰত এখন যুৱ শক্তিৰে পৰিপূৰ্ণ হৈ থকা দেশ আৰু ইয়াৰ কৰ্মশক্তিৰ বাবে সমগ্ৰ বিশ্বৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। সেয়ে ভাৰত চৰকাৰে দেশখনৰ যুৱ শক্তিক দক্ষ আৰু নিয়োগযোগ্য কর্মশক্তি হিচাপে গঢ়ি তোলাৰ লক্ষ্য গ্রহণ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, বিকশিত ভাৰত, ২০৪৭ৰ লক্ষ্য স্পৰ্শ কৰিবলৈ দক্ষতা, গৱেষণা, উদ্ভাৱন আৰু চাকৰিভিত্তিক জ্ঞানৰ অতি প্রয়োজন। উল্লেখযোগ্য যে, নীতি আয়োগৰ নৱম পৰিচালন পৰিষদৰ বৈঠকখন নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত আজি অনুষ্ঠিত হৈ যায়। নীতি আয়োগৰ অধ্যক্ষৰ দায়িত্বতো থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বৈঠকৰ অধ্যক্ষতা কৰে। ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকলৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীবৰ্গ, আয়োগৰ উপাধক্ষ্য সুমন বেৰী আৰু আয়োগৰ সদস্যসকল বৈঠকত উপস্থিত থাকে। এই বৈঠকৰ মূল বিষয়বস্তু হৈছে বিকশিত ভাৰত, ২০৪৭ আৰু এই বিষয়বস্তুৰ জৰিয়তে ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাত চৰকাৰে গুৰুত্ব আৰোপ কৰে । এই বৈঠকত বিকশিত ভাৰত দৃষ্টিভংগী সন্দৰ্ভত আলোচনা কৰা হয়। নীতি আয়োগে প্ৰকাশ কৰা অনুসৰি এই পৰিচালন পৰিষদৰ বৈঠকত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি আৰু অংশীদাৰিত্ব শাসনৰ বিষয়ে আলোচনা কৰা হয়। ইয়াৰ জৰিয়তে গ্রাম্য আৰু নগৰাঞ্চলৰ বাসিন্দাসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লক্ষ্য লোৱা হৈছে। এই বৈঠকত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ’বৰ বাবে ৰাজ্যসমূহে ল’বলগীয়া ভূমিকা সন্দৰ্ভতো বিস্তৃত আলোচনা কৰা হয়। আয়োগে লগতে প্ৰকাশ কৰে যে, মুঠ ঘৰুৱা উৎপাদন পাঁচ ত্ৰিলিয়ন আমেৰিকান ডলাৰ পাৰ কৰাৰ লক্ষ্য লৈ ভাৰত সম্প্ৰতি বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হোৱাৰ দিশে আগবাঢ়িছে। লগতে ভাৰতে ২০৪৭ চনৰ ভিতৰত ৩০ ত্ৰিলিয়ন আমেৰিকান ডলাৰ অৰ্থনীতিত উপনীত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
Site Admin | July 27, 2024 9:06 PM | NITI Aayog Meet