ডাউনলোড
মোবাইল এপ

android apple
signal

July 17, 2024 10:43 AM | NITI Aayog

printer

নীতি আয়োগৰ গঠন প্ৰণালী সংশোধন

চৰকাৰে নীতি আয়োগৰ গঠন প্ৰণালীৰ সংশোধন কৰিছে। কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনক পদেন সদস্য হিচাপে আয়োগত অন্তৰ্ভুক্ত কৰা হৈছে। এখন জাননী অনুসৰি চৰকাৰে পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী, স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা, তীখা মন্ত্ৰী এইছ ডি কুমাৰাস্বামী, অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্রী জিতন ৰাম মাঝি, পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং, সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰ, অসামৰিক বিমান পৰিবহন মন্ত্রী কে ৰামমোহন নাইডু, জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম, মহিলা আৰু শিশু উন্নয়ন মন্ত্রী অন্নপূর্ণা দেৱী, খাদ্য প্ৰসংস্কৰণ মন্ত্ৰী চিৰাগ পাছোৱান আৰু পৰিকল্পনা মন্ত্ৰী ৰাও ইন্দ্ৰজিৎ‍ সিঙক বিশেষ আমন্ত্রিত সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নীতি আয়োগৰ অধ্যক্ষ হৈ থকাৰ বিপৰীতে সুমন বেৰীয়ে উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকিব। ভি কে সাৰস্বত, অধ্যাপক ৰমেশ চান্দ, ড০ ভি কে পল আৰু আনন্দ ৱিমানিয়ে পূর্ণকালীন সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিব।

অধিক পঢ়ক

সকলো চাওক