নীট সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায় সম্পৰ্কত শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ মন্তব্য

শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ প্ৰতি আদৰণি জনাই কৈছে যে অৱশেষত সত্যৰ জয় হ’ল। নীট সন্দৰ্ভত সর্বোচ্চ ন্যায়ালয়ৰ ৰায় সম্পর্কে সাংবাদিকক সম্বোধন কৰি শ্ৰীপ্ৰধানে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰ স্বচ্ছ, বিসংগতিবিহীন আৰু ত্রুটিবিহীন পৰীক্ষা ব্যৱস্থাৰ প্ৰতি বদ্ধপৰিকৰ। তেওঁ কয় যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন-টি-এক ত্রুটিবিহীন সংস্থাৰূপে গঢ়ি তুলিবলৈ চৰকাৰ দায়বদ্ধ। নীট কেলেংকাৰিৰ সৈতে জড়িত কাকোৱে ৰেহাই দিয়া নহ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক সম্পূর্ণ নতুন ৰূপ প্ৰদানৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰা হৈছে আৰু কমিটীখনে ইতিমধ্যে বিশেষজ্ঞৰ মতামত গ্ৰহণ কৰিছে তথা বিভিন্ন আৰ্হিৰ অধ্যয়ন কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে নীটৰ বিষয় লৈ কংগ্ৰেছক সমালোচনা কৰে আৰু ৰাহুল গান্ধীয়ে ভাৰতীয় শিক্ষা ব্যৱস্থাক লৈ সন্দেহ প্ৰকাশ কৰি দেশৰ জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ তোলে। শ্রীগান্ধীয়ে নীটৰ বিষয় লৈ জনসাধাৰণৰ মাজত অশান্তি আৰু অৰাজকতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা বুলিও শ্রীপ্রধানে অভিযোগ উত্থাপন কৰে। তেওঁ বিৰোধী দলটোৱে ছাত্ৰ-ছাত্ৰীসকলক ক্ষমা খোজা উচিত বুলি মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক