June 23, 2024 8:03 PM | NEET-UG

printer

নীট ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত চি বি আইৰ তদন্ত আৰম্ভ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে নীট ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিছে। চি বি আইৰ সূত্ৰ অনুসৰি শিক্ষা মন্ত্ৰ্যালয়ৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালকে দিয়া অভিযোগৰ ভিত্তিত এই এজাহাৰ দাখিল কৰা হৈছে। চি বি আইয়ে সমগ্ৰ দেশতে এই বিষয়টোৰ এটা পুংখানুপুংখ তদন্ত আৰু এই বৃহৎ ষড়যন্ত্ৰৰ সবিশেষ উন্মোচন কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিছে। এই বিষয়টোৰ তদন্তৰ বাবে চি বি আইয়ে কেইবাটাও বিশেষ দল গঠন কৰিছে। চি বি আইৰ বিশেষ দলসমূহক পাটনা আৰু গোৱালৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে তাত স্থানীয় আৰক্ষীয়ে প্রশ্নকাকত ফাদিল সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল । শিক্ষা মন্ত্ৰ্যালয়ে কালি চি বি আইক তদন্তৰ দায়িত্ব অর্পণ কৰিছিল। মন্ত্রালয়ে এটা বিজ্ঞপ্তিত কৈছে যে, চৰকাৰে পৰীক্ষাৰ পৱিত্ৰতা সুনিশ্চিত কৰা আৰু ছাত্ৰসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ প্ৰতি দায়বদ্ধ। লগতে এইবুলি কৈছে যে, এইক্ষেত্ৰত কোনো ব্যক্তি তথা প্রতিষ্ঠান জড়িত থকা বুলি যদি প্রমাণিত হয়, তেনেহ’লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰে লগতে এনেধৰণৰ ৰাজহুৱা পৰীক্ষাত অনিয়ম ৰোধ কৰাৰ বাবে ৰাজহুৱা পৰীক্ষা বিধেয়ক ২০২৪ প্রণয়ন কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই যোৱা ৫ মে’ত নীট ইউ জিৰ পৰীক্ষা অনুষ্ঠিত কৰিছিল। সমগ্ৰ দেশতে এই পৰীক্ষাত বিভিন্ন ধৰণৰ খেলিমেলিৰ তথ্য লাভ কৰা হৈছিল।

অধিক পঢ়ক

সকলো চাওক