June 23, 2024 11:45 AM | NEET-UG

printer

নীট ইউ জি পৰীক্ষাত সংঘটিত অনিয়ম সংক্ৰান্তত বিহাৰ আৰক্ষীৰ ঝাৰখণ্ডৰ পৰা ৬ জন লোকক গ্ৰেপ্তাৰ

চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত নীট ইউ জি পৰীক্ষাত সংঘটিত অনিয়ম সংক্ৰান্তত বিহাৰ আৰক্ষীয়ে ঝাৰখণ্ডৰ দেওঘৰৰ পৰা ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে। দেওঘৰ সদৰ মহকুমা আৰক্ষী বিষয়া ঋত্তিক শ্রীবাস্তৱে কৈছে যে, সন্দেহযুক্ত লোককেইজনক দেবীপুৰ আৰক্ষী থানা এলেকাৰ দেওঘৰ এইমছৰ ওচৰৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। লোককেইজনক আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাৰ লগতে বিহাৰলৈ প্ৰেৰণ কৰে। বিহাৰ আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই এই গোচৰটোৰ তদন্ত অব্যাহত ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক