নীটৰ অনিয়মৰ অভিযোগত বিৰোধী পক্ষই সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত

চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নাম ভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীটৰ অনিয়মৰ অভিযোগত বিৰোধী পক্ষই সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। লোকসভাৰ কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ সাংসদসকলে বিষয়টো লৈ শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত শ্ল’গান দিবলৈ ধৰে। লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে কয় যে তেওঁলোকে শিক্ষার্থীসকলক এটা গুৰুত্বপূৰ্ণ বিষয়ৰ বাৰ্তা দিব খোজে। গতিকে বিষয়টো লৈ আলোচনা হ’ব লাগে। আনহাতে কংগ্ৰেছ, ডি এম কে, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টী আৰু অন্যান্য দলৰ সদস্যসকলে বিষয়টো উত্থাপন কৰাৰ বাবে সদনৰ মজিয়ালৈ উঠি যায়। এনে পৰিস্থিতিৰ মাজতে অধ্যক্ষ ওম বিৰলাই কয় যে বিষয়টো চালি জাৰি চোৱাৰ বাবে এখন কমিটি গঠন কৰা হৈছে। সদনৰ কাম-কাজ পূৰ্ব পৰিকল্পিতভাৱে চলিব লৈ নিদিয়াটো সংসদীয় গণতন্ত্ৰৰ বাবে সঠিক নহয় বুলি তেওঁ মন্তব্য কৰে।
ইফালে, নীটৰ বিষয়লৈ আলোচনাৰ বাবে বিৰোধী পক্ষই উত্থাপন কৰা দাবী প্রত্যাখ্যান কৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে ৰাষ্ট্ৰপতিৰ অভিভাষণৰ আলোচনাৰ বাবে নিৰ্ধাৰিত সময়ত অন্য বিষয়লৈ আলোচনা কৰাৰ পৰম্পৰা নাই। তেওঁ কয় যে, ৰাষ্ট্ৰপতি অভিভাষণৰ আলোচনাৰ সময়ত উত্থাপন কৰা যিকোনো বিষয়ৰ উত্তৰ দিবলৈ সাজু আছে। তাৰ পাছতো হুলস্থুলীয়া পৰিস্থিতি অব্যাহত থকাত সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ৰখা হয়।
ৰাজ্যসভাতো আজি নীটক লৈ হুলস্থুলীয়া পৰিস্থিতৰ সৃষ্টি হয়। পুৱাৰ ভাগত ৰাজ্যসভা মিলিত হোৱাৰ সময়ত সভাপতি জগদীপ ধনখড়ে বিৰোধী সাংসদসকলে উত্থাপন কৰা সভাস্থগিতকৰণৰ জাননী অগ্রাহ্য কৰে। তেওঁ কয় যে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি দিয়া ভাষণত প্রশ্ন ফাদিল কাণ্ডৰ নিৰপেক্ষ তদন্ত আৰু দোষী সকলক কঠোৰ শাস্তি প্ৰদানৰ কথা উল্লেখ কৰিছে। ৰাষ্ট্ৰপতিৰ অভিভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাৰ সময়ত সদস্যসকলে বিষয়টো লৈ আলোচনাৰ কৰাৰ পৰ্যাপ্ত সময় পাব বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে।ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা মল্লিকার্জুন খাৰ্গে কয় যে যোৱা ৭ বছৰত ৭০ বাৰ প্ৰশ্নকাকত ফাদিল হৈছে। তেওঁ বিষয়টো লৈ আলোচনাৰ বাবে দাবী উত্থাপন কৰে। ইয়াৰ পাছতে কংগ্ৰেছ, ডি এম কে, টি এম চি, সমাজবাদী পার্টী, আম আদমী পাৰ্টী, আৰ জে দি আৰু অন্যান্য দলৰ সদস্যসকলে সদনত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে সভাপতিয়ে সদনৰ কাম- কাজ চলাই নিয়াৰ চেষ্টা চলাই যদিও প্রতিবাদী সদস্যসকল সদনৰ মজিয়ালৈ উঠি যায়। হুলস্থুল শাম নকটাত সভাপতিয়ে সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া ১২ বজালৈ স্থগিত ৰাখে। সদনৰ কামকাজ পুনৰ আৰম্ভ হোৱাৰ পাছত বিৰোধী সদস্যসকলে পুনৰ হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাত সদনৰ কামকাজ আঢ়ৈ বজালৈ স্থগিত ৰখা হয়।

অধিক পঢ়ক

সকলো চাওক