শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আজি নীটত অৱতীৰ্ণ হোৱা শিক্ষার্থীসকলক এইবুলি আশ্বাস দিয়ে যে, দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰ বিষয়টো লৈ অতিকে সংবেদনশীল। তেওঁ লগতে শিক্ষাৰ্থী আৰু অভিভাৱকসকলক প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰ সদনত যিকোনো বিষয় লৈ আলোচনা কৰিবলৈ সাজু আছে।
Site Admin | June 28, 2024 8:22 PM | Dharmenda Pradhan | NEET Result | NTA NEET UG | Parliament Session
নীটত অৱতীৰ্ণ হোৱা শিক্ষার্থীসকলক আশ্বাস, দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’বঃ শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান
