নির্বাচন সম্পৰ্কীয় বিভিন্ন বিষয়ৰ প্ৰচাৰৰ সহায়ক হোৱাকৈ মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ত দুটা শুভঙ্কৰ আৰু এটা ল’গ মুকলি

নির্বাচন সম্পৰ্কীয় বিভিন্ন বিষয়ৰ প্ৰচাৰৰ সহায়ক হোৱাকৈ তথা ভোটাৰক আকৰ্ষিত কৰিব পৰাকৈ আজি অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ত দুটা শুভঙ্কৰ আৰু এটা ল’গ মুকলি কৰা হয়। অসমৰ কৃষ্টি- সংস্কৃতিৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰি উলিওৱা লাডু আৰু পিঠা প্রতীকিৰ এই শুভংকৰ দুটা অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গ’ৱেলে মুকলি কৰে। এই শুভংকৰ দুটাৰ লগতে মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ এটা ল’গ’ মুকলি কৰে। ৰংঘৰ, ব্ৰহ্মপুত্ৰ, বিহু আৰু গড়ক সামৰি এই ল’গ’টো প্ৰস্তুত কৰা হৈছে। শুভংকৰ তথা ল’গ মুকলি কৰি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে, অসমৰ কৃষ্টি-সংস্কৃতিক সামৰি প্ৰস্তুত কৰা শুভংকৰ দুটাই জনসাধাৰণৰ মাজলৈ সহজে নিৰ্বাচনী বাৰ্তা লৈ যাব পাৰিব।

অধিক পঢ়ক

সকলো চাওক