March 29, 2024 10:03 PM | C-Vigil

printer

নির্বাচন আয়োগৰ চি-ভিজিল এপৰ জৰিয়তে ৭৯ হাজাৰৰো অধিক নির্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ লাভ

নির্বাচন আয়োগৰ চি-ভিজিল এপ ভোটদাতাসকলৰ মাজত যথেষ্ট জনপ্ৰিয় হৈছে। লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা হোৱাৰে পৰা বৰ্তমানলৈকে এই এপৰ জৰিয়তে ৭৯ হাজাৰৰো অধিক নির্বাচনী আচৰণ বিধি উলংঘনৰ ঘটনাৰ বিষয়ে অভিযোগ লাভ কৰা হৈছে। নির্বাচন আয়োগে এটা বিবৃতিযোগে কৈছে যে, লাভ কৰা অভিযোগসমূহৰ ৯৯ শতাংশৰো অধিক ইতিমধ্যে নিষ্পত্তি কৰা হৈছে। এই অভিযোগসমূহৰ প্ৰায় ৮৯ শতাংশ ১০০ মিনিটৰ ভিতৰত নিষ্পত্তি কৰা বুলি আয়োগে প্ৰকাশ কৰিছে। এপটোৰ মাধ্যমেৰে লাভ কৰা অভিযোগসমূহৰ ভিতৰত ৫৮ হাজাৰ ৫০০ৰো অধিক অবৈধ হৰ্ডিংছ আৰু বেনাৰ আৰু এহেজাৰ ৪০০ৰো অধিক অভিযোগ ধন, উপহাৰ আৰু সুৰা বিতৰণৰ সৈতে জড়িত। লাভ কৰা অভিযোগৰ ভিতৰত প্ৰায় ৩ শতাংশ সম্পত্তি বিনষ্টকৰণৰ অভিযোগ আছে। আগ্নেয়াস্ত্র প্রদর্শন আৰু ভীতি প্ৰদানৰ ৫৩৫টা অভিযোগৰ ভিতৰত ৫২৯টাই নিষ্পত্তি কৰা হৈছে বুলি আয়োগে জানিবলৈ দিছে। আয়োগে লগতে নির্ধাৰিত সময়তকৈ অধিক কাল নির্বাচনী প্ৰচাৰ চলোৱা সন্দৰ্ভত এহেজাৰ অভিযোগ লাভ কৰা বুলি প্ৰকাশ কৰিছে। চি-ভিজিল হৈছে এপ মুক্ত, নিকা আৰু প্রলোভন মুক্ত নির্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যে নির্বাচন আয়োগে লোৱা পদক্ষেপৰ অংশস্বৰূপ।

অধিক পঢ়ক

সকলো চাওক