নির্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে কাইলৈ গুৱাহাটীত উপস্থিত হ’ব বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমতো বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নির্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে কাইলৈ সন্ধিয়া গুৱাহাটীত উপস্থিত হ’ব। বৰঝাৰ বিমান বন্দৰত প্ৰধানমন্ত্ৰীগৰাকীক দলীয় নেতা-কৰ্মীসকলৰ লগতে ৰাইজে আদৰণি জনাব। বিমান বন্দৰৰ পৰা পোনে পোনে তেওঁ কইনাধৰালৈ ৰাওনা হ’ব। শ্ৰী মোদীৰ এই কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰ কেইবাটাও পথত বাণিজ্যিক যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। তেওঁ পৰহিলৈ বৰপেটা আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুগৰাকীৰ হৈ নলবাৰীত নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অহা ১৮ এপ্রিলত কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা। তেওঁ বিজেপি মিত্ৰজোঁটৰ ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব। আনহাতে, কংগ্ৰেছ নেত্রী প্ৰিয়ংকা গান্ধীয়ে কাইলৈ যোৰহাটত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা। তেওঁ যোৰহাট সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ তিতাবৰৰ পৰা যোৰহাটলৈ পদযাত্ৰাত অংশগ্ৰহণ কৰি প্ৰচাৰ চলাব। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে যোৰহাট আৰু ডিব্ৰুগড়ৰ প্ৰাৰ্থী দুগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব । ইপিনে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে আজি মাকুমত কেইবাখনো নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। শ্ৰীসোণোৱালে ডিগবৈৰ বৰবিল হনুমান মন্দিৰৰ পৰা গান্ধী ময়দানলৈ এটা পদযাত্রাতো অংশ লয়। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ আজি হোজাইৰ লামডিঙত এখন জনসভাত অংশগ্রহণ কৰে। আনহাতে, কংগ্ৰেছ তথা বিৰোধী দলৰ প্ৰাৰ্থীসকলেও নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। যোৰহাট সমষ্টিৰ কংগ্ৰেছ প্রার্থী গৌৰৱ গগৈয়ে আজি তিতাবৰত নিৰ্বাচনী প্ৰচাৰ চলায়।

অধিক পঢ়ক

সকলো চাওক