April 30, 2024 11:22 AM | 3rd Phase Election

printer

নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে জিলা প্ৰশাসনে

ৰাজ্যত তৃতীয় পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনসমূহে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে। সেই অনুসৰি বিভিন্ন জিলাত ভোটদাতাৰ সজাগতাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ফ্লাইং স্কোৱাৰ্ড আৰু নিৰীক্ষণকাৰী দলসমূহে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ধৰা পেলোৱাৰ বাবে কাৰ্যকৰী ব্যৱস্থা লৈছে। নির্বাচন হ’বলগীয়া ৪ টা সমষ্টি গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীৰ অন্তৰ্গত অঞ্চলসমূহত নির্বাচন বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত যুৱ ভোটদাতাসকলক ভোটদানৰ বাবে আগ্রহী কৰি তুলিবলৈ বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। ইপিনে, নির্বাচন সুকলমে পৰিচালনাৰ বাবে ভোটগ্রহণ হ’বলগীয়া কেন্দ্ৰসমূহত নিৰ্বাচনী আয়োগৰ নিৰ্দেশনামৰ্মে সুৰক্ষা ব্যৱস্থাকে ধৰি প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰিবলৈ জিলা নির্বাচন বিভাগসমূহে নিশ্চিত কৰিছে। প্ৰতিটো ভোটকেন্দ্ৰলৈ আহি ভোটদান কৰাৰ বাবে ইচ্ছুক জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলক ভোটদানৰ সুবিধা কৰি দিয়াৰ বাবেও উপযুক্ত ব্যৱস্থা লোৱা হ’ব। তদুপৰি ৫০ শতাংশ ভোটগ্রহণ কেন্দ্ৰত ৱেৱকাষ্টিঙৰ ব্যৱস্থা কৰা হ’ব। একেদৰে নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া-কৰ্মচাৰী আৰু ই ভি এম কঢ়িয়াই নিয়া বাহনসমূহত জি পি এছ সংলগ্ন কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক