ৰাজ্যত আজিৰ পৰা নিযুত মইনা আঁচনিৰ ধন বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰে। ভাষণ প্রসঙ্গত মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিয়ে হিতাধিকাৰী সৃষ্টিৰ বিপৰীতে মধ্যবিত্তৰ উন্নয়নৰ বাবে কাম কৰিব ৷ উল্লেখযোগ্য যে নৱেম্বৰ মাহৰ পৰা ডি বি টিৰ জৰিয়তে ছাত্ৰীসকলৰ বেংক একাউণ্টত ধন সোমাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে, নিযুত মইনা আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি প্ৰতিৰোধৰ উদ্দেশ্যে পদক্ষেপ গ্ৰহণ কৰিছে। এই আঁচনিৰ জৰিয়তে পৰৱৰ্তী তিনিটা বৰ্ষত ১০ লাখ ছাত্ৰীক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। চলিত বৰ্ষত এই আঁচনি ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে ৰাজকোষৰ ২৪০ কোটি টকা ধন ব্যয় কৰিব। নিযুত মইনা আঁচনিৰ অধীনত একাদশ শ্ৰেণীত নাম ভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীয়ে মাহিলি এহেজাৰ টকাকৈ ১০ মাহৰ বাবে মুঠ ১০ হাজাৰ টকা লাভ কৰিব। একেদৰে স্নাতক প্রথম বৰ্ষত নাম ভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীক ৰাজ্য চৰকাৰে ১০ মাহৰ বাবে এহেজাৰ ২৫০ টকাকৈ প্ৰদান কৰিব। স্নাতকোত্তৰ পাঠ্যক্ৰম তথা বি. এডত নাম ভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীক এই আঁচনিৰ অধীনত ১০ মাহৰ বাবে মাহিলি ২,৫০০ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰা হ’ব । আজি খানাপাৰাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিযুত মাইনা আঁচনিৰ অধীনত চেক বিতৰণ কাৰ্যসূচী উদ্বোধন কৰাৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন জিলাসমূহতো আঁচনিখনৰ অধীনত চেক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। ঢেকিয়াজুলিৰ ভোটপাৰা ষ্টেডিয়ামত এই উদ্দেশ্যে আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰী অশোক সিংহালে অংশগ্ৰহণ কৰে। পাঠশালাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আৰু নলবাৰীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই আঁচনিৰ অধীনত আর্থিক অনুদানৰ চেক বিতৰণ কৰে। কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই আঁচনিখনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বিপৰীতে বাক্সা জিলাৰ সদৰ মুছলপুৰত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই নিযুত মইনা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইফালে, বাক্সা জিলাৰ শালবাৰীত চেক বিতৰণ কাৰ্যসূচীত বিটিচিৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ জয় মুছাহাৰীও অংশগ্ৰহণ কৰে। শোণিতপুৰ জিলাতো এই আঁচনিৰ জৰিয়তে ৫ হাজাৰৰো অধিক ছাত্ৰীলৈ আৰ্থিক অনুদান আগবঢ়োৱা হৈছে। মাজুলীতো প্রায় ১৫ হাজাৰ ছাত্ৰীলৈ নিযুত মইনা আঁচনিৰ অনুদান আগবঢ়োৱা হয়। ছাত্ৰীসকলে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে খানাপাৰাত নিযুত মইনা আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানতো অংশগ্ৰহণ কৰে। তামুলপুৰ, গোৰেশ্বৰ, গোৱালপাৰা, শিৱসাগৰ, আমগুৰি, নাজিৰা, ডিমৌ, বৰপেটা, নগাওঁ ইত্যাদি ঠাইসমূহতো আজি নিযুত মইনা আঁচনিৰ অনুদান আগবঢ়োৱা হয়।
Site Admin | October 6, 2024 7:59 PM | Cm Nijut maina