June 16, 2024 1:59 PM | FTII

printer

নিয়োগ সৃষ্টি আৰু বিকাশৰ ক্ষেত্ৰত এনিমেচন, ভিজুৱেল ইফেক্টছ আৰু গেমিং খণ্ডৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে শীঘ্ৰেই মুম্বাইত উৎকৰ্ষতা কেন্দ্ৰ স্থাপন কৰিবঃ এল মুৰুগন

অষ্টাদশ মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ কালি মুম্বাইত আৰম্ভ হয়। তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী এল মুৰুগন, মহাৰাষ্ট্ৰৰ সাংস্কৃতিক মঞ্জী সুধীৰ মুংগানটিৱাৰকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। এই উপলক্ষে দিয়া ভাষণ ড° মুৰুগনে কয় যে, নিয়োগ সৃষ্টি আৰু বিকাশৰ ক্ষেত্ৰত এনিমেচন, ভিজুৱেল ইফেক্টছ আৰু গেমিং খণ্ডৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে শীঘ্ৰেই মুম্বাইত এই খণ্ডৰ এটা উৎকৰ্ষতা কেন্দ্ৰ স্থাপন কৰিব। আনহাতে চৰকাৰে চলচ্চিত্ৰ সম্পৰ্কীয় আইনৰ সংশোধনৰ জৰিয়তে চুৰি কাৰ্যক নিয়ন্ত্ৰণত ৰখাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে বিশ্বৰ চলচ্চিত্ৰ নির্মাতাসকলক একত্ৰিত কৰাৰ বিষয়ে উল্লেখ কৰি ড° মুৰুগনে কয় যে, তথ্য চিত্রসমূহে অনন্য দক্ষতা, আবেগ আৰু মানৱীয় বন্ধনক প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কালিৰ আৰম্ভণি অনুষ্ঠানত FTII শিক্ষাৰ্থীসকলে নিৰ্মাণ কৰা Sunflowers were the first ones to know নামৰ ছুটী ছবিখন প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে, এই ছবিখনে চলিত বৰ্ষৰ কা চলচ্চিত্ৰ মহোৎসৱ লা চিনেফ বঁটা লাভ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক