ডাউনলোড
মোবাইল এপ

android apple
signal

নিটি আয়োগৰ নৱম পৰিচালন পৰিষদৰ বৈঠকত  মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত অনুষ্ঠিত নিটি আয়োগৰ নৱম পৰিচালন পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ লক্ষ্যত অৰিহনা যুগোৱা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে আলোকপাত কৰে। সামাজিক মাধ্যমযোগে শ্রীশর্মাই অসম দ্রুতগতিত বিকশিত হোৱা ৰাজ্যসমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰে। ২০২০ চনৰ পৰা ৰাজ্যৰ মূলধনী ব্যয় ৫৯ শতাংশ সম্প্ৰসাৰণৰ লগতে ৰাস্তা, পানীযোগান, স্বাস্থ্য আৰু শিক্ষাৰ আন্তঃগাঁথনিত বিনিয়োগ বৃদ্ধি পাইছে বুলি তেওঁ উল্লেখ কৰে। তদুপৰি বিভিন্ন পৰ্যায়ত থকা নিৰ্মাণৰত প্ৰকল্পসমূহে উন্নয়নৰ ক্ৰমাগত ধাৰাক প্ৰতিনিধিত্ব কৰে বুলিও শ্ৰীশৰ্মাই প্ৰকাশ কৰে। ইয়াৰ লগতে ৰাজ্যৰ ৩ হাজাৰ মেগাৱাটৰ নৱীকৰণযোগ্য শক্তি ক্ষমতা নিৰ্মাণৰ উপৰি সমগ্ৰ শিক্ষা অভিযানৰ অধীনত ৩৫ হাজাৰ কোটি টকা ব্যয়ৰে পানীযোগানৰ ব্যৱস্থা গঢ়ি তোলাৰ লগতে ১৩ হাজাৰ নতুন শ্রেণীকোঠা নিৰ্মাণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে বিদ্যালয় এৰি যোৱা ৮১ হাজাৰ শিক্ষাৰ্থীক বিদ্যালয়লৈ ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে বুলি প্ৰকাশ কৰে। সমাগত দিনবোৰত ৰাজ্যই কর্মশক্তি উন্নীতকৰণ, সৱল ঔদ্যোগিক ভেঁটি গঢ়ি তোলা, আইন-শৃংখলা বজাই ৰখা আৰু জন অংশীদাৰিত্বৰ বিভিন্ন পদক্ষেপসমূহত অধিক প্রাধান্য দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও শ্ৰীশৰ্মাই উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক