ডাউনলোড
মোবাইল এপ

android apple
signal

September 28, 2024 10:53 AM | UN 79th Conference

printer

নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৯ সংখ্যক অধিৱেশন

ভাৰতে নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৯ সংখ্যক অধিৱেশনত অনুষ্ঠিত জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ বিত্ত তথা স্বাস্থ্য টাস্ক ফ’ৰ্চৰ উচ্চ পৰ্যায়ৰ যুটীয়া বৈঠকত স্বাস্থ্যৰ সামাজিক নির্ণায়ক-এছ ডি এইচ উন্নত কৰাৰ বাবে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ প্ৰকাশ কৰিছে। স্বাস্থ্য খণ্ডত বিনিয়োগক অগ্ৰাধিকাৰ দিয়াক কেন্দ্ৰ কৰি এই অধিবেশন অনুষ্ঠিত হয়। অনুষ্ঠানত স্বাস্থ্য ৰাজ্যমন্ত্ৰী অনুপ্রিয়া পেটেল মুখ্য বক্তা হিচাপে উপস্থিত থাকে। তেওঁ স্বাস্থ্য বিনিয়োগৰ অগ্ৰাধিকাৰসমূহক সমৰ্থন কৰাত স্বাস্থ্যৰ সামাজিক নির্ণায়কৰ ভূমিকাত আলোকপাত কৰে। ভৱিষ্যতৰ স্বাস্থ্য জৰুৰীকালীন পৰিস্থিতিৰ প্ৰভাৱ কমোৱা আৰু অর্থনৈতিক বোজা দূৰ কৰাৰ ক্ষেত্ৰত স্বাস্থ্য আৰু বিত্ত খণ্ডৰ গুৰুত্বপূৰ্ণ সংযোগতো তেওঁ গুৰুত্ব আৰোপ কৰে৷ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে গৃহ নির্মাণ, অনাময়, পানীৰ সুবিধা আৰু আয়ৰ সুৰক্ষাৰ দৰে স্বাস্থ্যৰ অন্যতম সামাজিক নির্ণায়কৰ বিষয়ে উল্লেখ কৰে । অনুষ্ঠানত ভাৰতীয় প্ৰতিনিধি দলটোৱে সমগ্ৰ দেশতে পৰিৱৰ্তনৰ সূচনা কৰা আয়ুষ্মান ভাৰত, স্বচ্চ ভাৰত মিছন, জল জীৱন মিছন আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দৰে ধ্বজাবাহী কাৰ্যসূচীসমূহৰ বিষয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক