ডাউনলোড
মোবাইল এপ

android apple
signal

October 12, 2024 12:02 PM | Test cricket

printer

নিউজিলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় ক্রিকেট দল ঘোষণা

নিউজিলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া তিনিখনীয়া টেষ্ট শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় ক্রিকেট দল ঘোষণা কৰা হৈছে। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ, বি চি চি আইৰ সম্পাদক জয় শ্বাহে কালি এখন বিজ্ঞপ্তিৰ জৰিয়তে ৰোহিত শৰ্মাই ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব বুলি ঘোষণা কৰে। বিজ্ঞপ্তি অনুসৰি আগশাৰীৰ বেগী বলাৰ যশপ্রীত বুমৰাহ দলৰ উপ অধিনায়ক হ’ব। যোৱাবছৰ এদিনীয়া বিশ্বকাপৰ সময়ত আঘাতপ্রাপ্ত মহম্মদ স্বামীক এই শৃংখলাৰ বাবে বাছনি কৰা হোৱা নাই। বেংটিংক্ৰম বাংলাদেশৰ বিৰুদ্ধে বাছনি কৰা দলৰ দৰেই ৰখা হৈছে। বিৰাট কোহলি, কে এল ৰাহুল আৰু ছৰফৰাজ খানক দলৰ অন্তৰ্ভুক্ত কৰা হৈছে। স্পিন বলাৰৰ আধিপত্য থকা দলটোত ৰবীচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল আৰু কুলদ্বীপ যাদৱক স্থান দিয়া হৈছে। শৃংখলাৰ প্ৰথমখন খেল বাংগালুৰুত অনুষ্ঠিত হ’ব। ভাৰত সম্প্ৰতি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত পইণ্ট তালিকাত শীৰ্ষত আছে। ইয়াৰ বিপৰীতে ২০২১ বৰ্ষত এই প্ৰতিযোগিতাৰ খিতাপ দখল কৰা নিউজিলেণ্ড ষষ্ঠ স্থানত আছে। ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলে এই শৃংখলাত জয় লাভ কৰি ডিচেম্বৰ-জানুৱাৰীত আৰম্ভ হ’বলগীয়া গুৰুত্বপূৰ্ণ অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত দলৰ স্থান সুদৃঢ় কৰাৰ বাবে চেষ্টা চলাব।

অধিক পঢ়ক

সকলো চাওক