ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনৰ খেলৰ সামৰণি পৰলৈকে দ্বিতীয় ইনিংছত ৩ উইকেটৰ বিনিময়ত ২৩১ ৰান সংগ্ৰহ কৰে ৷ ভাৰত নিউজিলেণ্ডৰ প্ৰথম ইনিংছতকৈ ১২৫ ৰানত পিছপৰি আছে। ভাৰতৰ হৈ দ্বিতীয় ইনিংছত কোহলি আৰু ছৰফৰাজ খানে ৭০ ৰানকৈ কৰে। ৰোহিত শৰ্মাই ৫২ ৰানৰ বৰঙণি আগবঢ়ায়। নিউজিলেণ্ডৰ এজাজ পেটেলে দুটা উইকেট দখল কৰাৰ বিপৰীতে গ্লেন ফিলিপ্ছে এটা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে নিউজিলেণ্ডে ৰাছিন ৰবিন্দ্ৰৰ ১৩৪ ৰানৰ সহায়ত প্ৰথম ইনিংছত ৪০২ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ কুলদীপ আৰু জাদেজাই তিনিটাকৈ উইকেট দখল কৰিছে। বিৰাট কোহলিয়ে টেষ্ট ক্রিকেটত ৯ হাজাৰ ৰান সম্পূৰ্ণ কৰিছে। কোহলিয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্টখনৰ দ্বিতীয় ইনিংছত এই কৃতিত্ব অৰ্জন কৰে। কোহলি শচীন তেণ্ডুলকাৰ, ৰাহুল দ্রাবিড় আৰু সুনীল গাভাস্কাৰৰ পাছত এই সাফল্য অর্জন কৰা চতুৰ্থগৰাকী ভাৰতীয় বেট্ছমেন।
Site Admin | October 18, 2024 9:05 PM | Test cricket