ডাউনলোড
মোবাইল এপ

android apple
signal

March 16, 2025 7:51 PM | New Zeeland PM

printer

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টফাৰ লাক্সন ৫ দিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টফাৰ লাক্সন ৫ দিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হয়। তেওঁৰ সৈতে দেশখনৰ কেইবাগৰাকীও মন্ত্ৰী, জ্যেষ্ঠ বিষয়া, উদ্যোগপতি আৰু ভাৰতীয় সম্প্ৰদায়ৰ সদস্যকে ধৰি এটা উচ্চস্তৰীয় প্ৰতিনিধি দলো ভাৰতলৈ আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে এখন বিজ্ঞপ্তিত প্ৰকাশ কৰে, যে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ’ব। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ সম্পৰ্কৰ বিভিন্ন দিশ সামৰি আলোচনা কৰিব। শ্ৰীলাক্সনে দশম ৰাইচিনা আলোচনা ২০২৫ ৰ উদ্বোধনী সত্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মূল ভাষণ প্ৰদান কৰিব। তেওঁ লগতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুকো সাক্ষাৎ কৰিব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্ট ফাৰ লাক্সনৰ সৈতে ৰাইছিনা আলোচনা ২০২৫ উদ্বোধন কৰিব। উল্লেখযোগ্য যে ৰাইচিনা আলোচনাৰ দশম সংস্কৰণ কাইলৈৰ পৰা অহা ১৯ মাৰ্চলৈ অনুষ্ঠিত হ’ব। এই আলোচনা হৈছে ভূ-ৰাজনৈতিক আৰু ভূ-অর্থনৈতিক বিষয়সমূহৰ লগতে গোলকীয় সম্প্রদায়ে সন্মুখীন হৈ অহা বিভিন্ন প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনাৰ বাবে ভাৰতৰ এখন অনন্য আগশাৰীৰ সন্মিলন। বিশ্বই সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমাধানৰ উপায়ৰ লগতে সমসাময়িক বিষয়সমূহৰ ক্ষেত্ৰত সহযোগিতাৰ অন্বেষণ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ৰাজনৈতিক, উদ্যোগিক, সংবাদ মাধ্যম তথা অসামৰিক সংস্থাসমূহৰ নেতাসকল আলোচনাত মিলিত হৈ আহিছে।

বিভিন্ন দেশৰ বিশিষ্ট ব্যক্তিসকল ৰাইচিনা আলোচনাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ইতিমধ্যে নতুন দিল্লীত আহি উপস্থিত হৈছে। এই আলোচনাৰ বাবে ইতিমধ্যে উপস্থিত হোৱা নেতাসকলৰ ভিতৰত কিউবাৰ উপ প্রধানমন্ত্রী এদুৱার্দো মার্টিনেজ দাইজ, ঘানাৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী চেমুৱেল অকুদজেটো এবলাকৰা, লাক্সেমবার্গৰ উপ প্রধানমন্ত্ৰী জেভিয়াৰ বেটেল আৰু শ্লোভেনিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী তাঞ্জা ফাজন, পেৰুৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এলমাৰ চিয়ালাৰ চালচেদো আৰু মালদীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ নাছিদ আছে।

অধিক পঢ়ক

সকলো চাওক