ডাউনলোড
মোবাইল এপ

android apple
signal

March 16, 2025 2:06 PM | New Zeeland PM

printer

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্ট’ফাৰ লাক্সনৰ ৫ দিনীয়া ভাৰত ভ্রমণসূচী

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্ট’ফাৰ লাক্সন ৫ দিনীয়া ভ্রমণসূচীৰে আজি ভাৰতলৈ আহিব। তেওঁৰ সৈতে দেশখনৰ কেইবাগৰাকীও মন্ত্রী, জ্যেষ্ঠ বিষয়া, উদ্যোগপতি আৰু ভাৰতীয় সম্প্ৰদায়ৰ সদস্যকে ধৰি এটা উচ্চস্তৰীয় প্রতিনিধি দলো ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এখন বিজ্ঞপ্তিত এইবুলি কৈছে, যে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ’ব। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ সম্পৰ্কৰ বিভিন্ন দিশ সামৰি আলোচনা কৰিব। শ্ৰীলাক্সনে দশম ৰাইচিনা আলোচনা ২০২৫ ৰ উদ্বোধনী সত্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মূল ভাষণ প্ৰদান কৰিব। তেওঁ লগতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুকো সাক্ষাৎ কৰিব।

শ্ৰীলাক্সনে মুম্বাইলৈ যাব আৰু তাত তেওঁ উদ্যোগ জগতৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হ’ব। দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক অধিক সুদৃঢ় কৰা আৰু সকলোবোৰ খণ্ডতে দুয়োখন দেশৰ মাজৰ সম্বন্ধ তথা জনসাধাৰণৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰাই হৈছে নিউজিলেণ্ডৰ প্রধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ উদ্দেশ্য।

অধিক পঢ়ক

সকলো চাওক