ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে নাৰীসকলৰ সাফল্য আৰু অৱদানক স্বীকৃতি দিয়াৰ বাবেই এই দিৱস পালন কৰা হৈ আহিছে। তেওঁ কয়, যে দেশৰ ভগ্নী আৰু কন্যাসকলে সকলো বাধা অতিক্ৰম কৰাৰ দিশে আগবাঢ়িছে আৰু চৰকাৰে নাৰীৰ অধিকাৰ, সমতা তথা সবলীকৰণক শক্তিশালী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। শ্ৰীমতী মুৰ্মুৱে দেশৰ প্ৰতিজন লোককে জীৱন যাত্ৰাত নাৰীসকলক সমর্থন কৰিবলৈ আৰু কোনো যাতে পিছপৰি নৰয় সেয়া নিশ্চিত কৰিবলৈ আহ্বান জনায়। প্ৰতিজন নাগৰিকৰ সমান অৱদান আৰু লিংগ সমতাপূৰ্ণ বিশ্ব গঢ়ি তোলাত গুৰুত্ব দি ৰাষ্ট্ৰপতিয়ে কয়, যে এনে এখন সমাজতহে মহিলাসকলে নির্ভয়ে তেওঁলোকৰ সপোন বাস্তৱায়িত কৰিব পাৰিব।
Site Admin | March 8, 2025 4:01 PM | Droupadi Murmu | International Women's Day
নাৰীসকলৰ সাফল্য আৰু অৱদানক স্বীকৃতি দিয়াৰ বাবেই আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হৈ আহিছেঃ ৰাষ্ট্ৰপতি
