প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ২০৪৭ চনৰ ভিতৰত ভাৰতক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত জ্ঞানে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ৰাজগীৰত সুষমা স্বৰাজ প্ৰেক্ষাগৃহত নালান্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি অনুষ্ঠানত সমবেত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজক সম্বোধন কৰি দিয়া ভাষণত শ্রীমোদীয়ে কয় যে, দেশৰ জ্ঞান আৰু শিক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰি তুলি ভাৰতক বিশ্বৰ মহাশক্তিধৰ দেশৰ স্থানলৈ উন্নীত কৰিব পৰা যাব। প্রধানমন্ত্ৰীয়ে আজি নালন্দা বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত এই চৌহদ উদ্বোধন কৰে। তেওঁ কয় যে, নালন্দা বিশ্ববিদ্যালয় হৈছে সমগ্ৰ বিশ্বত আমাৰ পৰিচয় আৰু পৰম্পৰাক উজলাই তোলা এক মহান নিদর্শন। তেওঁ কয় যে, নালন্দা বিশ্ববিদ্যালয়ক নতুন ৰূপত পুনৰ উজ্জীৱিতকৰণে ইয়াৰ দক্ষতাকে প্ৰকাশ কৰা উপৰি বিকশিত ভাৰতৰ ধাৰণাই প্ৰদৰ্শন কৰিছে। শ্রীমোদীয়ে কয় যে, তেওঁৰ চৰকাৰে আমাৰ প্ৰাচীন পৰম্পৰাসমূহৰ মূল তত্বৰ ওপৰত ভিত্তি কৰি কাম কৰি আছে আৰু উন্নয়নৰ লগতে পৰিৱেশ সংৰক্ষণৰ দিশতো একেলগে কামকাজ অব্যাহত ৰাখিছে। অনুষ্ঠানত ভাষণ দি বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে, শিক্ষাৰ বিশ্বজনীন সেঁতু হিচাপে পৰিচিত এই বিশ্ববিদ্যালয়ৰ পুনৰ উজ্জীৱিতকৰণৰ তেওঁলোক সাক্ষী আৰু এই কাৰ্যই অতীতকৈও সুদৃঢ়ভাবে সম্পর্ক গঢ়িবলৈ সমৰ্থ হ’ব। আন্তঃৰাষ্ট্ৰীয় বুজাবুজি আগুৱাই নিয়াৰ ক্ষেত্ৰত শিক্ষা, প্ৰশিক্ষণ আৰু দক্ষতা বৃদ্ধিয়ে এটা ফলপ্রসূ হিচাপে বিশেষ ভূমিকা গ্রহণ কৰি আহিছে বুলিও তেওঁ কয় । প্রধানমন্ত্রীয়ে লগতে বিশ্ব ঐতিহ্য নালান্দা বিশ্ববিদ্যালয়ৰ প্ৰাচীন ভগ্নাসাৱশেষ পৰিদৰ্শন কৰে। এই ভগ্নাৱশেষৰ নৱনিৰ্মিত বিশ্ববিদ্যালয়ৰ সৈতে গভীৰ সম্পৰ্ক আছে। ভাৰত আৰু পূব এছিয়াৰ শীৰ্ষ সন্মিলন ৰাষ্ট্ৰৰ মাজৰ যৌথ সহযোগিতাৰ অংশ হিচাপে নালান্দা বিশ্ববিদ্যালয়ক কল্পনা কৰা হৈছে। নতুন চৌহদৰ উদ্বোধনী অনুষ্ঠানত বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আলেকাৰ, মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, বিদেশ মন্ত্ৰী ড০ এছ জয়শকংৰ আৰু ১৭খন দেশৰ মিছন মুৰববী সহ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৪৫০ একৰৰো অধিক ভূমি সামৰি থকা বিশ্ববিদ্যালয় সকলো ধৰণৰ অত্যাধুনিক আন্তঃগাঁথনিৰে সুসজ্জিত। পৰিবেশ সংৰক্ষণৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি চৌহদটো শূন্য সেউজ গৃহ গেছ নির্গমন অট্টালিকা হিচাপে নিৰ্মাণ কৰা হৈছে। সৌৰ প্ৰকল্প, খোৱাপানী পৰিশোধন প্রকল্প আৰু ব্যৱহৃত পানী পুনৰব্যৱহাৰ্য প্ৰকল্পৰে সুসজ্জিত এই চৌহদটো আৱশ্যকীয় শক্তি আৰু অন্য চাহিদাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ’ব। চৌহদটোৰ ১০০ একৰ ভূমিত কেইবাটাও জল নিকায় আৰু অন্য পৰিবেশ অনুকূল সুবিধা গঢ়ি তোলা হৈছে। বিশ্ববিদ্যালয়খনত ২০১৪ চনত শিক্ষাৰ্থীৰ প্ৰথমটো গোটৰ নামভৰ্তি কৰা হৈছিল আৰু ৰাজগীৰৰ অস্থায়ী চৌহদত পাঠদান আৰম্ভ হৈছিল। সম্প্ৰতি বিশ্ববিদ্যালয়খনত ৬টা প্ৰতিষ্ঠান আছে। ইয়াৰ ভিতৰত ইতিহাস অধ্যয়ন প্রতিষ্ঠান, পৰিবেশ অধ্যয়ন প্রতিষ্ঠান আৰু বৌদ্ধ দর্শন, দৰ্শন শাস্ত্ৰ আৰু তুলনাত্মক ধৰ্ম অধ্যয়ন প্রতিষ্ঠান অন্যতম। বিশ্ব শান্তিৰ প্ৰসাৰ আৰু ভগৱান বুদ্ধৰ দৰ্শনৰ গৱেষণাৰ বাবে বিশ্ববিদ্যালয়খনে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু শান্তি অধ্যয়ন প্রতিষ্ঠান স্থাপন কৰিছে। প্রাচীন আৱাসিক নালান্দা বিশ্ববিদ্যালয়ৰ আৰ্হি অনুসৰি বিশ্ববিদ্যালয়খনত ৫০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে ছাত্ৰাবাসৰ ব্যৱস্থা কৰা হৈছে। বিশ্ববিদ্যালয় চৌহদত দুটা শৈক্ষিক খণ্ড আছে। এই খণ্ড দুটাত মুঠ ৪০টা শ্ৰেণীকোঠা আছে। এই শ্রেণীকোঠাসমূহত প্রায় এহেজাৰ ৯০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষা গ্ৰহণৰ সুবিধা আছে।
Site Admin | June 19, 2024 8:36 PM | PM Modi Inaguarate