ডাউনলোড
মোবাইল এপ

android apple
signal

February 2, 2025 11:17 AM | Union Budget 2025-26

printer

নামৰূপত বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিকটন উৎপাদনক্ষম ইউৰিয়া প্রকল্প স্থাপনৰ কথা কেন্দ্রীয় বিত্ত মন্ত্রীৰ ঘোষণা

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে কালি সংসদত ২০২৫-২৬ বৰ্ষৰ বাজেট উত্থাপন কৰি নামৰূপত বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিকটন উৎপাদনক্ষম ইউৰিয়া প্রকল্প স্থাপনৰ কথা ঘোষণা কৰে। এই ইউৰিয়া প্ৰকল্পটো উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ কাৰখানা নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ চৌহদত স্থাপন কৰা হ’ব। কেন্দ্ৰৰ ৬০ শতাংশ আৰু ৰাজ্যৰ ৪০ শতাংশ অংশীদাৰিত্বৰে এই নতুন ইউৰিয়া প্ৰকল্পটো ৰূপায়ণ কৰা হ’ব। এই ঘোষণা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তক সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে যুগান্তকাৰী বুলি অভিহিত কৰে। মুখ্যমন্ত্ৰীয়ে জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পাছত নামৰূপৰ এই প্রকল্পই ৰাজ্যত সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি উল্লেখ কৰে। তেওঁ লগতে এই ঘোষণাই ৰাজ্যৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ লগতে প্রায় ১০ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে ৰাজ্যত প্রাকৃতিক গেছ ব্যৱহাৰ কৰি সাৰ উৎপাদন কৰাত সহায় কৰিব আৰু কৰ্ম সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক