নাগালেণ্ডৰ বহু প্ৰতিক্ষিত হৰ্ণবিল মহোৎসৱ আজি আৰম্ভ হ’ব। এইবাৰ এই মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হ’ব। এইবাৰৰ মহোৎসৱত নাগালেণ্ড চৰকাৰৰ সৈতে ৱেলছ, জাপান, পেৰু আৰু আমেৰিকাই সহযোগ আগবঢ়াইছে। আনহাতে ছিকিম আৰু তেলেংগানায়ো এই মহোৎসৱত সহযোগিতা আগবঢ়াইছে। ১০ দিনীয়া এই উৎসৱ হৈছে নাগা সম্প্ৰদায়ৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ উৎসৱ। উল্লেখযোগ্য যে নাগালেণ্ডৰ ৰাজধানী কোহিমাৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত্বত অৱস্থিত নাগা হেৰিটেজ কিছামাত – উৎসৱৰ উৎসৱ হিচাপে অভিহিত হৰ্ণবিল মহোৎসৱৰ আয়োজন কৰা হৈছে। আজি সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত অংশীদাৰী ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰদূতসকলক সম্বৰ্ধনা জনোৱা হ’ব। আজিৰ অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী এ আৰ ৰহমান উপস্থিত থাকিব।
Site Admin | December 1, 2024 12:14 PM | Hornbil Festival