ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়, যে ঐতিহ্য, উদ্ভিদ তথা প্ৰাণীৰে চহকী নাগালেণ্ড এখন সাহসী ৰাজ্য। বিভিন্ন উন্নয়নমূলক ক্ষেত্ৰত নাগলেণ্ডৰ অগ্ৰগতিৰ প্ৰশংসা কৰি শ্ৰীমতী মুৰ্মুৱে ৰাজ্যখনৰ জনসাধাৰণক শান্তিপূৰ্ণ সমৃদ্ধিশালী আৰু প্ৰগতিশীল ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয়, যে প্রানৱন্ত সংস্কৃতি আৰু প্ৰকৃতিৰ সৈতে গভীৰ সম্প্ৰীতিৰে নাগালেণ্ড সঁচাকৈয়ে এখন মনোমোহা ৰাজ্য। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে, চহকী সংস্কৃতি আৰু ৰাজ্যখনৰ জনসাধাৰণৰ মনোমোহা প্ৰকৃতিৰ বাবে নাগালেণ্ডখন বহুলভাৱে প্ৰশংসনীয়। তেওঁ লগতে কয়, যে কৰ্তব্য পৰায়ণতা আৰু সহানুভুতিশীলতাৰ বাবে নাগা সংস্কৃতি জনাজাত। ৰাজ্যখনৰ অনাগত সময়ৰ অগ্ৰগতিৰ বাবে প্রধানমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। আজি এই দিৱস উপলক্ষে নাগালেণ্ডৰ কহিমাৰ ৰাজ্যিক সচিবালয়ত আযোজিত অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেইফিঅ ৰেঅ’ই ভাষণ দিয়ে। এই উপলক্ষে মুখ্যমন্ত্রীয়ে কহিমাত এখন ইকো পার্ক মুকলি কৰে।
Site Admin | December 1, 2024 6:02 PM | Nagaland Foundation Day