ডাউনলোড
মোবাইল এপ

android apple
signal

September 4, 2024 6:13 PM

printer

নাগালেণ্ডৰ চুমুকেডিমাত হোৱা ভূমিস্খলনত ৪ জন লোকৰ মৃত্যু

নাগালেণ্ডৰ চুমুকেডিমাত যোৱা নিশা হোৱা ভূমিস্খলনৰ ফলত ৪ জন লোক মৃত্যুমুখত পৰে। আনহাতে প্রচণ্ড বৰষুণৰ বাবে ৰাজ্যখনৰ ৰাজধানী কোহিমাৰ সৈতে ডিমাপুৰক সংযোগ কৰা ২৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো দুঠাইত পানীয়ে সম্পূৰ্ণৰূপে ছিঙি পেলায়। ইয়াৰ ফলত ঘাইপথেৰে যাতায়াত বন্ধ হৈ পৰিছে। কোহিমাত আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত চুমুকেডিমা জিলাৰ উপায়ুক্ত পলান জনে ভূমিস্খলনৰ ফলত ৪ জন লোকৰ মৃত্যুৰ বিষয়টো নিশ্চিত কৰাৰ লগতে অধিক লোক সন্ধানহীন হৈ থকাৰ আশংকা প্রকাশ কৰি অঞ্চলটোত উদ্ধাৰ অভিযান অব্যাহত থকা বুলি প্ৰকাশ কৰিছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে এই অভিযানত অংশগ্ৰহণ কৰা বুলি প্ৰকাশ কৰি উপায়ুক্তগৰাকীয়ে লগতে কয় যে, অঞ্চলটোত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত পথৰ কাষৰ ভালেমান বাসগৃহ, হোটেল আদি ক্ষতিগ্ৰস্ত হৈছে। অঞ্চলটোৰ পথ যোগাযোগ নিয়মীয়া কৰি তুলিবলৈ সময়ৰ প্ৰয়োজন হ’ব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। আনহাতে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’য়ে ধাৰাষাৰ বৰষুণৰ ফলত ২৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ক্ষতিক লৈ গভীৰ উদ্বেগ প্রকাশ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষই অঞ্চলসমূহৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে। আনহাতে ৰাষ্ট্ৰীয় ঘাইপথৰ ভাগি যোৱা অংশ দুটা অতিশীঘ্ৰে মেৰামতি কৰি স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ সৈতে ৰাজ্য চৰকাৰে যোগাযোগ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক