প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি মহাৰাষ্ট্ৰৰ নাগপুৰত উপস্থিত হৈছে। তাত তেওঁ স্মৃতি মন্দিৰ দৰ্শন কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক ড° কেশৱ হেডগেৱাৰ আৰু মাধৱৰাও গলৱাকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভগত, কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী দেবেন্দ্র ফাড়নবীছো উপস্থিত থাকে। ১৯২৫ চনত নাগপুৰত ড০ কেশৱ হেডগেৱাৰে প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই এইবাৰ শতবার্ষিকী উদযাপন কৰিছে।
ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে দীক্ষা ভূমি ভ্ৰমণ কৰি ড০ বি আৰ আম্বেডকাৰৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। তেওঁ নাগপুৰত মাধৱ নেত্ৰালয় প্রিমিয়াম চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি এখন জনসভাতো ভাষণ দিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ ৰাজ্যখনত নতুনকৈ স্থাপন কৰা কেইবাটাও প্রকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।
মহাৰাষ্ট্ৰ ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী মোদী চত্তিশগড়ৰ বিলাসপুৰলৈ যাব। তাত তেওঁ ৩৩ হাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই প্রকল্পসমূহ বিদ্যুৎ, তেল আৰু গেছ ৰে’ল, পথ পৰিবহন, শিক্ষা আৰু গৃহ নির্মাণ খণ্ডৰ সৈতে জড়িত। বিশেষকৈ চত্তিশগড়ৰ জনজাতীয় আৰু উদ্যোগিক অঞ্চলৰ যাতায়ত ব্যৱস্থা উন্নত কৰাৰ বাবে কেইবাটাও ৰে’ল আৰু পথ প্ৰকল্পৰ বিশেষ গুৰুত্ব দিয়া হ’ব। অঞ্চলটোৰ শিক্ষাৰ আন্তঃগাথনি উন্নয়নৰ বাবে প্রধানমন্ত্ৰীয়ে চত্তিশগড়ৰ ২৯ খন জিলাৰ ১৩০খন পি এম শ্রী স্কুল মুকলি কৰিব। সকলোৰে বাবে গৃহ নিৰ্মাণৰ আঁচনি বাস্তৱায়িত কৰাৰ উদ্দেশ্যে প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীনৰ অধীনত চত্তিশগড়ত ৩ লাখ হিতাধিকাৰীৰ গৃহ প্ৰৱেশ অনুষ্ঠানৰো আয়োজন কৰা হৈছে। প্রধানমন্ত্রী মোদীয়ে এখন জনসভাতো ভাষণ দিব।