ডাউনলোড
মোবাইল এপ

android apple
signal

November 18, 2024 8:04 PM | PM Visit

printer

নাইজেৰিয়াৰ ৰাজধানী আবুজাত প্রবাসী ভাৰতীয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, ভাৰতে এতিয়া নিজৰ সুবিধাজনক স্থিতিৰ পৰা বাহিৰলৈ ওলাই আহিছে, উদ্ভাৱনক আকোৱালি লৈছে আৰু উন্নয়নৰ নতুন পথ মুকলি কৰিছে, যি ভাৰতৰ পৰিচয়ৰ চিহ্ন হৈ পৰিছে। নাইজেৰিয়াৰ ৰাজধানী আবুজাত প্রবাসী ভাৰতীয়সকলক সম্বোধন কৰি শ্ৰী মোদীয়ে কয়, যে বিকশিত ভাৰত গঢ়ি তোলাৰ লক্ষ্যৰে ভাৰতে এক নতুন যাত্ৰা আৰম্ভ কৰিছে। তেওঁৰ চৰকাৰৰ সাফল্যৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে ভাৰতৰ ডেৰ লাখতকৈও অধিক পঞ্জীয়নভুক্ত ষ্টৰ্টআপ আছে। তেওঁ লগতে কয়, যে যোৱাটো দশকত ১০০ ৰো অধিক ইউনিকর্ন গঢ়ি তোলা হৈছে যিটো ভাৰতীয় ষ্টার্টআপ সংস্কৃতিৰ সফলতাৰ প্ৰমাণ। শ্ৰী মোদীয়ে কয়, যে যোৱা দশকত ভাৰতে মুঠ ঘৰুৱা উৎপাদনত দুই লাখ কোটি ডলাৰ অন্তৰ্ভুক্ত কৰিছে। প্রধানমন্ত্রীয়ে কয়, যে মহাকাশ উদ্যোগত ভাৰতৰ অগ্ৰগতিক এতিয়া সমগ্ৰ বিশ্বই প্ৰশংসা কৰে। গগণ যানৰ জৰিয়তে অতি সোনকালে মহাকাশলৈ ভাৰতীয় লোকক প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দি প্রধানমন্ত্রীয়ে কয়, যে ভাৰতেও মহাকাশত নিজৰ মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰিব ওলাইছে। ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি প্রায় ৩০ গুণ বৃদ্ধি পাইছে বুলিও তেওঁ প্ৰকাশ কৰে। নাইজেৰিয়াৰ ভাৰতীয় সম্প্রদায়ক প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয় যে, বহু ভাৰতীয় কোম্পানীয়ে আফ্রিকীয় দেশখনৰ অৰ্থনীতি শক্তিশালী কৰি তুলিছে। প্রধানমন্ত্ৰীয়ে কয়, যে ভাৰতে শান্তি, সমৃদ্ধি আৰু গণতন্ত্র সন্নিৱিষ্ট কৰি বিশ্বৰ বাবে এক নতুন আশা হিচাপে আত্মপ্রকাশ কৰিছে। তেওঁ কয়, যে বিশ্বই যেতিয়াই কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হয়, তেতিয়াই ভাৰত বিশ্ব বন্ধু বা গোলকীয় মিত্ৰৰ ৰূপে সহযোগিতা কৰাৰ ক্ষেত্ৰত সদায় প্রথম স্থান থাকে। কোভিড-১৯ মহামাৰীৰ সময়ত যেতিয়া সমগ্ৰ বিশ্বৰ দেশসমূহক প্রতিষেধকৰ প্ৰয়োজন হৈছিল তেতিয়া ভাৰতে দেশসমূহক প্রকিষেধক উপলব্ধ কৰোৱাত আগভাগ লৈছিল। শ্রীমোদীয়ে নাইজেৰিয়াই তেওঁক গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্যা অৰ্ডাৰ অৱ দ্যা নাইজাৰ সন্মানেৰে বিভূষিত কৰাৰ বাবে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জনায়। তেওঁ কয় যে এই সন্মান কেৱল তেওঁৰ বাবে নহয় বৰং সমগ্ৰ ভাৰতবাসীৰ বাবে। এই সন্মান ভাৰত আৰু নাইজেৰিয়াৰ মাজৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ ফচল বুলি প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক