নাইজেৰিয়াত ভয়াৱহ বিস্ফোৰণৰ ঘটনাত কমেও ১৬জন লোকৰ মৃত্যুৰ লগতে ২০ জন লোক আহত

♦ নাইজেৰিয়াত সংঘটিত এটা ভয়াৱহ বিস্ফোৰণৰ ঘটনাত কমেও ১৬জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন ২০ জন লোক আহত হৈছে। দেশখনৰ উত্তৰ-পূবৰ বৰ্ণ প্ৰদেশৰ এখন স্থানীয় নৈশ বজাৰত পৰহি নিশাৰ ভাগত এই বিস্ফোৰণটো সংঘটিত হয় বুলি নাইজেৰিয়াৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। দেশখনৰ আৰক্ষী বিভাগে জানিবলৈ দিয়া মতে কারুৰি নামৰ অঞ্চলটোৰ বজাৰখনত বোকো হাৰাম নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে সংস্থাপন কৰা এটা আই ই ডি নিক্রিয় কৰিবলৈ লোৱা সময়তে এই বিস্ফোৰণটো সংঘটিত হয়। আৰক্ষী আৰু নিৰাপত্তাৰক্ষী বাহিনীয়ে ততাতৈয়াকৈ অঞ্চলটো ঘেৰি লৈ অধিক বিস্ফোৰণ ৰোধ কৰাৰ চেষ্টা কৰাৰ লগতে পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ উদ্দেশ্যে অভিযান আৰম্ভ কৰে। এই ঘটনটোৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যখনতে সান্ধ্য আইন জাৰি কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক