ডাউনলোড
মোবাইল এপ

android apple
signal

নমো ড্রোন দিদি আঁচনিৰ কাৰ্য্যকৰী নিৰ্দেশনাৱলীসমূহ প্ৰকাশ

কেন্দ্রীয় আঁচনি নমো ড্রোন দিদি আঁচনিৰ কাৰ্য্যকৰী নিৰ্দেশনাৱলীসমূহ চৰকাৰে প্ৰকাশ কৰিছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে দীনদয়াল অন্ত্যোদয় যোজনা ৰাষ্ট্ৰীয় গ্রাম্য জীৱিকা অভিযানৰ অধীনত মহিলা আত্মসহায়ক গোটসমূহক এক হাজাৰ ২৬ কোটি টকা ব্যয়ৰে ড্ৰ’ন প্ৰদানৰ বাবে এই কেন্দ্ৰীয় আঁচনিৰ অনুমোদন জনাইছে। ২০২৪-২৫ৰ পৰা ২০২৫-২০২৬ চনলৈকে ১৪ হাজাৰ ৫০০ নির্বাচিত মহিলা আত্মসহায়ক গোটক ড্র’ন প্ৰদান কৰাৰ লক্ষ্য এই আঁচনিৰ জৰিয়তে লোৱা হৈছে। নিৰ্দেশাৱলী অনুসৰি এই আঁচনি কেন্দ্রীয় পৰ্যায়ত গ্ৰাম্য উন্নয়ন, সাৰ আৰু কৃষি আৰু কৃষক কল্যাণ বিভাগৰ সচিবসকলৰ ক্ষমতাশালী সমিতিৰ দ্বাৰা পৰিচালিত হয়। ড্র’ন ক্ৰয়ৰ আশী শতাংশ আৰু আনুষংগিক সামগ্রী ক্ৰয়ৰ খৰচৰ সর্বাধিক ৮ লাখ টকা মহিলা আত্মসহায়ক গোটসমূহক প্ৰদান কৰা হ’ব। মহিলা আত্মসহায়ক গোটৰ এগৰাকী সদস্যক ১৫ দিনীয়া প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত কৰা হ’ব য’ত বাধ্যতামূলক ড্র’ন পাইলট প্ৰশিক্ষণ আৰু কৃষিৰ উদ্দেশ্য পুষ্টি আৰু কীটনাশক প্ৰয়োগৰ বাবে অতিৰিক্ত প্রশিক্ষণ অন্তর্ভুক্ত কৰা হ’ব। আঁচনিখন তৎকালীনভাৱে বলবৎ আৰু কাৰ্যকৰী কৰাটো নিশ্চিত কৰিবলৈ মন্ত্ৰালয়ে সকলো অংশীদাৰক এই কাৰ্য্যকৰী নিৰ্দেশনাসমূহৰ অৰ্থপূৰ্ণ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক