ডাউনলোড
মোবাইল এপ

android apple
signal

নমো এপৰ জৰিয়তে বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মত-বিনিময়

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দলৰ প্ৰচাৰৰ অংশ হিচাপে আজি নমো এপৰ জৰিয়তে বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰিছে। মেৰা বুথ চবচে মজবুত শ্লোগানেৰে কিছু সময়ৰ পূৰ্বে মত-বিনিময় অনুষ্ঠান আৰম্ভ হয়। প্রধানমন্ত্ৰীয়ে অনুষ্ঠানত অংশ লৈ দলৰ কাৰ্যকৰ্তাসকলে নিৰলসভাৱে আৰু নিষ্ঠাৰে কৰা শ্ৰম আৰু ত্যাগৰ ফলত বিজেপিয়ে দিল্লীত ক্ষমতা দখল কৰিবলৈ সমৰ্থক হ’ব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। তেওঁ এই কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰি সুখী বুলিও মন্তব্য কৰে। এই মত বিনিময়ৰ কালত দলৰ কার্যকৰ্তাসকলে দিল্লীৰ উন্নয়নৰ বাবে প্রয়োজনীয় বিভিন্ন বিষয়ত আলোকপাত কৰে। উল্লেখযোগ্য যে, ৫ ফেব্ৰুৱাৰীত দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব। মেৰা বুথ চবচে মজবুত কাৰ্যসূচীৰ অধীনত দিল্লীৰ ২৫৬টা ৱাৰ্ডৰ মুঠ ১৩ হাজাৰ ৩৩টা বুথৰ পৰা দলীয় কৰ্মীসকলে ভার্চুৱেল মাধ্যমেৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তা শুনিছে। কিছুসংখ্যক দলীয় কৰ্মীয়েপ্রধানমন্ত্ৰীগৰাকীৰে বাৰ্তালাপ কৰাৰো সুযোগ লাভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক