ডাউনলোড
মোবাইল এপ

android apple
signal

September 22, 2024 5:58 PM | World Rivers Day

printer

নদী সুৰক্ষাৰ সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰতিবছৰে ছেপ্টেম্বৰ মাহৰ চতুৰ্থটো দেওবাৰ বিশ্ব নদী দিৱস হিচাপে পালন

আজি বিশ্ব নদী দিৱস। নদী সুৰক্ষাৰ প্ৰতি সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰতিবছৰৰ ছেপ্তেম্বৰ মাহৰ চতুৰ্থটো দেওবাৰে এই দিৱস পালন কৰা হয়। মানৱ সভ্যতা অতিজৰে পৰা নদী কেন্দ্ৰীক আৰু ইয়েই জনসাধাৰণৰ অৰ্থনৈতিক বুনিয়াদ নিৰ্মাণত সহায় কৰি আহিছে। সম্প্রতি জনসংখ্যা বিস্ফোৰণ, আধুনিকতা আৰু আন্তঃগাথনি নিৰ্মাণৰ বাবে বিভিন্ন কাৰ্যকলাপ আৰু পৰিবেশ প্ৰদূষণৰ ফলত নদীসমূহতো প্ৰদূষণ বৃদ্ধি পাইছে। ইয়াৰ ফলত বিভিন্ন জীৱন ধাৰা আৰু কলা সংস্কৃতিৰ ধাৰাবাহিকতা কঢ়িয়াই পলসেৰে ভূমি সাৰুৱা কৰা একোখন নদী কোনো কোনো সময়ত অস্তিত্বই হেৰাই গৈছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বজুৰি এই দিৱস পালনৰ গুৰুত্ব বৃদ্ধি পাই আহিছে। ২০০৫ চনৰ পৰাই এই দিৱস পালন কৰা হৈ আহিছে। অসমতো আজি বিশ্ব নদী দিৱস উপলক্ষে নদী সংৰক্ষণৰ প্ৰতি সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। গুৱাহাটী মহানগৰীত আজি ভৰলু নৈক প্ৰদূষণমুক্ত কৰাৰ বাবে সজাগতা কাৰ্যসূচীও লোৱা হয়। জলসম্পদ মন্ত্রী পিযুষ হাজৰিকাই আজি এই দিৱস উপলক্ষে দিয়া বাৰ্তাত কয় যে, ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈয়ে অতিজৰে পৰা ৰাজ্যখনৰ অর্থনৈতিক বুনিয়াদ শক্তিশালী কৰি ৰখাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰি আহিছে। তেওঁ কয় যে, নদী পৃথিৱীৰ হৃদযন্ত্ৰস্বৰূপ যদিও বিগত দশককেইটাত প্ৰদূষণৰ ফলত নদীসমূহৰ অপব্যৱহাৰে পৰিবেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। মন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোতে নদী মাতৃক দেশৰ নাগৰিক হিচাপে সকলোকে নদীসমূহ পৰিস্কাৰ আৰু প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে সংকল্প লবলৈ আহ্বান জনায় ৷

অধিক পঢ়ক

সকলো চাওক