ৰাজ্যখনৰ অগ্ৰণী প্ৰগতিবাদী সাহিত্য সংগঠন নতুন সাহিত্য পৰিষদৰ অহা ১, ২ আৰু ৩ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া দ্বি—বাৰ্ষিক ৰাজ্যিক সন্মিলন উপলক্ষে ৰাজ্যিক ভিত্তিক অসমীয়া প্ৰগতিবাদী গল্প, কবিতা আৰু প্ৰবন্ধ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি সন্মিলনৰ আদৰণী সমিতিয়ে এক বিবৃতিযোগে জনাইছে৷ পঞ্চাশ বছৰ অনূৰ্ধ্বৰ সকলোৱে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব৷ এই প্ৰতিযোগিতাত গল্পৰ বাবে বিপুল খাটনিয়াৰ বঁটা,কবিতাৰ বাবে বিজনলাল চৌধুৰী বঁটা আৰু প্ৰবন্ধৰ বাবে মুকুট ভট্টাচাৰ্য সোঁৱৰণী বটা আগবঢ়োৱা হ’ব। বিজয়ী প্ৰতিযোগীসকলক নতুন সাহিত্য পৰিষদৰ সন্মিলনৰ মুকলি সভাত কিতাপৰ টোপোলা, প্ৰমাণপত্ৰৰ লগতে নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব। প্ৰবন্ধ প্ৰতিযোগিতাৰ বিষয় হ’ল ‘সাম্প্ৰতিক অসমীয়া সাহিত্য আৰু সমাজ বাস্তৱতা’৷ প্ৰবন্ধৰ বাবে সৰ্বোচ্চ শব্দ সংখ্যা ২৫০০ নিৰ্ধাৰণ কৰা হৈছে৷ প্ৰতিযোগিতাৰ লেখা পেজমেকাৰ বা ইউনিকোডত লিখি হোৱাটছআপ বা ই-মেইলযোগে এই ঠিকনাত পঠিয়াব লাগিব৷ হাতে লিখা হ’লে ফুলস্কেপ বগা কাগজত স্পষ্ট হাতৰ আখৰৰ হ’ব লাগিব৷ লেখা জমা দিয়াৰ শেষ তাৰিখ ১৫ জানুৱাৰী, ২০২৫ ৷ লেখা পঠিওৱাৰ ঠিকনাঃ হোৱাটচআপ নম্বৰ 84748-92614 বা 98541-38815। ই-মেইলঃ ghananath1234@gmail.com
Site Admin | December 5, 2024 8:02 PM | Akashvani