ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত আজি নতুন বিধানসভা সমষ্টি ভিত্তিত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰৰ জালুকবাৰী, গুৱাহাটী মধ্য বিধানসভা সমষ্টিৰ বাবে সৰুসজাই ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয়। নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ত কামৰূপ মহানগৰৰ লগতে বজালী, বিশ্বনাথ, চৰাইদেউ, ডিব্ৰুগড়, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, লখিমপুৰ, মাজুলী, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, দক্ষিণ শালমাৰা, শ্রীভূমি, তিনিচুকীয়া, পশ্চিম কাৰ্বি আংলং জিলাক সামৰি লোৱা হৈছে।
খাদ্য সুৰক্ষা নিশ্চিতকৰণৰ লক্ষ্যৰে প্ৰদান কৰা এই নতুন ৰেচন কাৰ্ডসমূহৰ জৰিয়তে জনসাধাৰণে বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব। সেই অনুসৰি অন্ত্যোদয়া অন্ন যোজনাৰ ৰেচন কাৰ্ডপ্রাপ্ত পৰিয়ালে প্ৰতি মাহে ৩৫ কিলোগ্ৰামকৈ আৰু প্ৰতিটো অগ্ৰাধিকাৰপ্ৰাপ্ত ৰেচন কাৰ্ড থকা পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই মাহিলি ৫ কিলোগ্ৰামকৈ বিনামূলীয়া চাউল লাভ কৰিব। একেদৰে বৰ্তমান ৰন্ধন গেছৰ সংযোগ নথকা ৰেচন কাৰ্ড প্রাপ্ত পৰিয়ালে প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ অধীনত বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ লাভ কৰিব। তদুপৰি এনে সুবিধাপ্রাপ্ত লোকসকলে প্রধানমন্ত্ৰী জনআৰোগ্য যোজনা আৰু আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব।
Site Admin | December 15, 2024 12:31 PM | Ration Card distribution by Assam CM HBS