ডাউনলোড
মোবাইল এপ

android apple
signal

June 11, 2024 11:46 AM | New Law

printer

নতুন ফৌজদাৰী আইন সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অধিবক্তা মাখন ফুকনৰ অভিমত

নতুন ফৌজদাৰী আইন সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অধিবক্তা মাখন ফুকনে অভিমত প্রকাশ কৰিছে। আকাশবাণী গুৱাহাটীৰ কালি প্ৰচাৰিত চলন্তিকা অনুষ্ঠানত অধিবক্তাগৰাকীয়ে অহা ১ জুলাই পৰা কাৰ্যকৰী হ’বলগীয়া ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ অধিনিয়ম সন্দৰ্ভত বিশ্লেষণ আগবঢ়ায়। সময় পৰিৱৰ্তনৰ লগে লগে ভাৰতীয় ন্যায় ব্যৱস্থাটো ব্যাপক সংশোধনৰ প্ৰয়োজন আছিল আৰু এই ক্ষেত্ৰত নতুন আইন কেইখনে এই প্রয়োজনীয়তা পূৰণ কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে। পূৰ্বৰ ভাৰতীয় দণ্ডবিধি আইনৰ সংশোধন ঘটাই নতুনকৈ প্ৰৱৰ্তন কৰা ভাৰতীয় ন্যায় সংহিতাত শাস্তিমূলক দৃষ্টান্তৰ পৰিৱৰ্তে সামাজিক ন্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। নতুন আইনখনত ধাৰাৰ সংখ্যা পূৰ্বৰ ৫১১টাৰ পৰা ৩৫৬টালৈ হ্ৰাস কৰা হৈছে। ইয়াৰে ৮টা ধাৰা সম্পূৰ্ণ নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে। নতুন আইনখনত গণহত্যা, ছাইবাৰ অপৰাধ, ভূমি অধিগ্ৰহণ আদিৰ দৰে বিষয়সমূহেও স্থান লাভ কৰিছে। নতুন আইন কেইখনে অপৰাধৰ হাৰ হ্ৰাস কৰি এখন সুস্থ-সবল আৰু নিকা সমাজ গঢ়ি তুলিবলৈ সক্ষম হ’ব বুলি অধিবক্তা গৰাকীয়ে মত পোষণ কৰে।

অধিক পঢ়ক

সকলো চাওক