June 2, 2024 1:10 PM | Drishtipat

printer

নতুন ফৌজদাৰী আইন বলবৎকৰণৰ বাবে সকলো প্রস্তুতি অব্যাহত

অসম আৰক্ষীয়ে অহা ১ জুলাইৰ পৰা কাৰ্যকৰী হবলগীয়া নতুন ফৌজদাৰী আইন বলবৎকৰণৰ বাবে সকলো প্রস্তুতি অব্যাহত ৰাখিছে। আনহাতে, আইনী প্রক্রিয়াত নতুন আইনে কৰিবলগীয়া সাল সলনিৰ সৈতে সামঞ্জস্য ৰাখি চলিবৰ বাবে অধিবক্তাসকলো সাজু হৈছে। কালি আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত হোৱা আলোচনাত অধিবক্তা নিকুঞ্জ দেৱ শৰ্মা আৰু অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ অধীক্ষক প্ৰণৱজ্যোতি গোস্বামীয়ে এই বিষয়ে প্রকাশ কৰে। শ্রীগোস্বামীয়ে কয় যে, ভাৰতীয় ন্যায় সংহিতা, নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম শীর্ষক এই ৩ খন আইন পূৰ্বৰ ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী কার্যবিধি আৰু সাক্ষ্য আইনত কিছু পৰিমাণে সংযোজন নাইবা দুই এটা ধাৰা বিলুপ্তকৰণৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে। ইয়াৰ ভিতৰত ভাৰতীয় দণ্ডবিধিৰ ২১ টা দণ্ডবিধিত ২১ নতুন অপৰাধ সম্পৰ্কীয় ধাৰা সংযোজন কৰা হৈছে। আনহাতে সাক্ষ্য অধিনিয়মৰ ধাৰা অনুসৰি দৃশ্য, শ্ৰব্য তথ্য প্রমাণসমূহ সংযোজনৰ ব্যৱস্থা কৰা হ’ব। নতুন ব্যৱস্থা অনুসৰি বৈদ্যুতিন মাধ্যমেৰে এজাহাৰ দাখিল কৰিব পৰা যাব। আনহাতে, ভূৱা তথ্য বা তথ্য গোপন কৰা কাৰ্য ধৰা পেলাবলৈ বিশেষ দফা ৰখা হৈছে। অসম আৰক্ষীৰ লোকসকলক ইয়াৰ বাবে প্ৰশিক্ষণ দি থকা হৈছে। আনহাতে, এই আইন বলবৎকৰণৰ সুবিধা হোৱাকৈ ফৰেনচিক বিভাগটোক অধিক সক্ৰিয় কৰি তোলা হব। এবছৰৰ অধিক কাল শাস্তি ৰায় দিবলগীয়া গোচৰৰ ক্ষেত্ৰত ফৰেনচিক দলক জড়িত কৰিব লাগিব বুলিও অসম আৰক্ষীৰ বিষয়াগৰাকীয়ে কয়। আনহাতে, ইয়াৰ বাবে ৫০০ গৰাকী আৰক্ষী বিষয়াক ফৰেনচিক প্ৰশিক্ষণ দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই বিভাগত নিযুক্তিৰ সম্ভাৱনা বৃদ্ধি পাব। একেদৰে চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নতুন আইনে সুবিধা প্রদান কৰিব বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক