নতুন দিল্লী ৰে’লৱে ষ্টেচনত কালি বিয়লি হেঁচা-ঠেলা সদৃশ ঘটনাত ১০ জনতকৈ অধিক লোক আহত হয়। আহতসকলক চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। যাত্ৰীৰ আকস্মিক ভীৰৰ বাবে এই ঘটনা হোৱা বুলি উল্লেখ কৰি ৰে’ল মন্ত্ৰীগৰাকীয়ে কৈছে, যে হেঁচা-ঠেলাৰ ঘটনাৰ এটা উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। শ্ৰী বৈষ্ণৱে কয়, যে যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে প্ৰয়াগৰাজৰ মহাকুম্ভলৈ যাব খোজা ভক্তসকলৰ বাবে ততালিকে প্রযোজ্য হোৱাকৈ চাৰিখন অতিৰিক্ত ৰে’লগাড়ীৰ ব্যৱস্থা কৰা হৈছে। ভিৰ নিয়ন্ত্ৰণ আৰু সাহায্য অভিযানত সহায় কৰাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ এটা দলো নিয়োগ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে।
Site Admin | February 16, 2025 11:18 AM | indian rail
নতুন দিল্লী ৰে’লৱে ষ্টেচনত হেঁচা-ঠেলা সদৃশ ঘটনাত ১০ জনতকৈ অধিক লোক আহত
