প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি ভার্চুৱেল ব্যৱস্থাৰে নতুন দিল্লীৰ ৰোহিনীত কেন্দ্ৰীয় আয়ুর্বেদ গৱেষণা প্ৰতিষ্ঠানৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ১৮৫ কোটি টকা ব্যয় সাপেক্ষে ২.৯২ একৰ ভূমিত স্থাপন হ’ব এই নতুন ভৱনটো। এই উপলক্ষে দিয়া ভাষণ প্ৰসংগত প্রধানমন্ত্রী মোদীয়ে চৰকাৰে দেশৰ দৰিদ্ৰ লোকসকলৰ বাবে স্বাস্থ্যসেৱা সুলভ কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে চৰকাৰে আয়ুষ আৰু আয়ুৰ্বেদৰ দৰে পৰম্পৰাগত ভাৰতীয় চিকিৎসা ব্যৱস্থাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে৷ ইয়াৰ বাবেই বিগত এটা দশকত আয়ুষ ব্যৱস্থা ১০০ খনতকৈও অধিক দেশলৈ সম্প্ৰসাৰিত হৈছে বুলি ভাষণ প্ৰসংগত প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে কেইসপ্তাহমানৰ পূৰ্বে তেওঁ সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ দ্বিতীয় পৰ্যায়ৰ উদ্বোধন কৰিছিল। ভাৰত বিশ্বৰ ভিতৰতে স্বাস্থ্য আৰু সুস্থতাৰ ৰাজধানী হোৱাৰ সম্ভাৱনা আছে বুলিও প্রধানমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। অনুষ্ঠানত ভাষণ দি আয়ুস মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতাপৰাও যাদৱে স্বাস্থ্য খণ্ডত প্রধানমন্ত্ৰীগৰাকীৰ নেতৃত্বৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে এই সুবিধাই গৱেষণা আৰু গুণগত স্বাস্থ্যসেৱাক আগুৱাই নিব, যাৰ ফলত সমগ্ৰ দেশৰ লাখ লাখ লোকৰ জীৱনত স্থায়ী প্ৰভাৱ পৰিব।
নতুন দিল্লীৰ ৰোহিনীত কেন্দ্ৰীয় আয়ুর্বেদ গৱেষণা প্ৰতিষ্ঠানৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
