ডাউনলোড
মোবাইল এপ

android apple
signal

February 2, 2025 8:24 PM | Akashvani New Delhi

printer

নতুন দিল্লীৰ আকাশবাণী ভৱনত হৰ কণ্ঠ মে ভাৰত শীৰ্ষক বিশেষ ধ্রুপদী সংগীতৰ অনুষ্ঠান মুকলি

সাংস্কৃতিক মন্ত্র্যালয়ে আকাশবাণীৰ সহযোগত আজি নতুন দিল্লীৰ আকাশবাণী ভৱনত হৰ কণ্ঠ মে ভাৰত শীৰ্ষক এটা বিশেষ ধ্রুপদী সংগীতৰ অনুষ্ঠান মুকলি কৰে। আজিৰ পৰা অহা ১৬ ফেব্ৰুৱাৰীলৈ আকাশবাণীৰ ২১টা কেন্দ্ৰৰ পৰা পুৱা  ৯-৩০ বজাৰ পৰা ১০ বজালৈ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ হ’ব। সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ সচিব অৰুনিছ চাউলা আৰু প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিৱেদীয়ে অনুষ্ঠানটো উদ্বোধন কৰে। অনুষ্ঠানত আকাশবাণীৰ সঞ্চালক প্রধান ড০ প্ৰজ্ঞা পালিৱাল গৌৰো উপস্থিত থাকে। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ সচিবগৰাকীয়ে কয়, যে এই অনুষ্ঠানৰ জৰিয়তে যুৱ শিল্পীসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ এখন মঞ্চ লাভ কৰিব। তেওঁ লগতে এই অনুষ্ঠান ধ্রুপদী সংগীত বিষয়ক হ’ব বুলিও দোহাৰে। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিৱেদীয়ে কয়, যে ২১টা আকাশবাণী কেন্দ্ৰৰ জৰিয়তে ৬০০তকৈও অধিক শিল্পীয়ে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিব। তেওঁ জনসাধাৰণক এই অনুষ্ঠান উপভোগ কৰি শিল্পীসকলক উৎসাহিত কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত ভাষণ দি আকাশবাণী সঞ্চালক প্ৰধান ড০ গৌৰে এই পদক্ষেপৰ প্ৰশংসা কৰি কয়, যে সাংস্কৃতিক মন্ত্র্যালয়ৰ এই অনন্য প্রচেষ্টাই যুৱ শিল্পীসকলক সহায় কৰাৰ লগতে আকাশবাণীৰ জনপ্রিয়তাও বৃদ্ধি কৰিব।

অধিক পঢ়ক

সকলো চাওক