আয়ুষ মন্ত্ৰালয়ে অখিল ভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠান – এ আই আই এৰ সহযোগত নতুন দিল্লীৰ এ আই আই এ চৌহদত এটা সংবেদনশীলতা কাৰ্যসূচীৰ আয়োজন কৰিছে। বীমা খণ্ড আৰু আয়ুষ স্বাস্থ্য যতন প্রদানকাৰীসকলৰ মাজত তথ্যৰ আদান প্ৰদানৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাৰ্যসূচীত আয়ুষ চিকিৎসালয়ৰ স্বত্তাধিকাৰীসকলৰ লগতে সাধাৰণ বীমা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু মুখ্য পৰিচালন সঞ্চালকসকলে অংশগ্ৰহণ কৰে। জনসাধাৰণৰ বাবে আয়ুষ চিকিৎসা অধিক সুলভ আৰু সহজলভ্য কৰাৰ বাবে প্ৰতিষ্ঠানসমূহৰ সহযোগিতাক উৎসাহিত কৰা এই কাৰ্যসূচীৰ অন্যতম উদ্দেশ্য। এই উপলক্ষে দিয়া ভাষণত আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেশাই এই কাৰ্যসূচীক আয়ুষ আৰু বীমাৰ সুবিধা সামৰি লোৱা ব্যৱস্থাৰ এটা উল্লেখনীয় দিন বুলি উল্লেখ কৰে। তেওঁ আয়ুষ খণ্ডৰ সৈতে বীমা খণ্ডক একত্ৰিত কৰাৰ বাবে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে ভাৰতৰ বীমা নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। এই উপলক্ষে দিয়া ভাষণত আয়ুষ মন্ত্ৰালয়ৰ বীমা বিশেষজ্ঞসকলৰ মূল গোটৰ অধ্যক্ষ অধ্যাপক ব্ৰজেন কুমাৰ মিশ্ৰই কয় যে, স্বাস্থ্য সেৱাৰ সুবিধাসমূহ সুলভ, সহজলভ্য আৰু উচ্চমানসম্পন্ন কৰি গঢ়ি তোলাৰ বাবে অংশীদাৰসকল প্ৰতিশ্ৰুতিবদ্ধ। এ আই আই এৰ সঞ্চালক অধ্যাপক তনুজা নেছাৰীয়ে প্ৰতিষ্ঠানখনৰ উল্লেখনীয় যাত্ৰা তথা সাফল্যৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়।
Site Admin | May 27, 2024 7:39 PM