ডাউনলোড
মোবাইল এপ

android apple
signal

September 19, 2024 12:08 PM | Batshalya Scheme

printer

নতুন দিল্লীত NPS বাৎসল্য আঁচনিৰ শুভাৰম্ভ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি নতুন দিল্লীত NPS বাৎসল্য আঁচনিৰ শুভাৰম্ভ কৰে। ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত এই আঁচনিখনৰ কথা ঘোষণা কৰা হৈছিল। এই উপলক্ষে শ্রীমতী সীতাৰমনে কয় যে শিশুসকলে এই আঁচনিৰ জৰিয়তে ধন জমা থোৱাৰে পৰাই উচ্চ হাৰৰ ৰিটাৰ্ণ লাভ কৰিব। তেওঁ কয় যে NPS আঁচনিয়ে আৰম্ভণি কালৰেপৰা ভাল ৰিটাৰ্ণ দি আহিছে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী খণ্ডৰ বাবে NPS-এ আৰম্ভণিৰেপৰা গড়ে ৯ দশমিক ৫ শতাংশ চক্রবৃদ্ধি বাৰ্ষিক বিকাশ হাৰৰ ৰিটাৰ্ণ দি আহিছে। তেওঁ পিতৃ-মাতৃ আৰু অভিভাৱকসকলক নাবালকসকলৰ বাবে জন্মদিন বা অন্য উপলক্ষ্যত NPS বাৎসল্য আঁচনিত বিনিয়োগ কৰাৰ পৰামৰ্শ আগবঢ়ায়। একীকৃত পেঞ্চন আঁচনি সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীমতী সীতাৰমনে কয় যে কেন্দ্ৰীয় কেবিনেটে অলপতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এই আঁচনিখনত অনুমোদন জনাইছে। আঁচনিখন অহা বছৰ পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। তেওঁ কয় যে পুৰণি পেঞ্চন আঁচনি আৰু নতুন পেঞ্চন আঁচনিৰ ভাল উপাদানসমূহৰ সমাহাৰেৰে এই আঁচনিখন যুগুতাই উলিওৱা হৈছে। এই আঁচনিত অৱসৰৰ পাছত নিশ্চিত পেঞ্চন প্ৰদানৰ ব্যৱস্থা আছে। অনুষ্ঠানত ভাগ লৈ বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে কয় যে NPS বাৎসল্য আঁচনিয়ে সামাজিক সুৰক্ষা প্ৰদান কৰিব আৰু সমাজখনক আত্ম-নিৰ্ভৰশীল কৰি তুলিব। বিত্ত মন্ত্রালয়ে কৈছে যে NPS বাৎসল্য আঁচনিয়ে অভিভাৱকসকলক পেঞ্চন একাউণ্টত ধন বিনিয়োগ কৰি নিজৰ শিশুসকলৰ ভৱিষ্যত সুৰক্ষিত কৰা আৰু চক্রবৃদ্ধিৰ বলত দীৰ্ঘকালীন সম্পদ সুনিশ্চিত কৰিব পাৰিব । আঁচনিখনৰ মাধ্যমেৰে পিতৃ-মাতৃসকলে শিশুসকলৰ নামত বছৰি ন্যূনতম এহেজাৰ টকা বিনিয়োগৰ সুবিধা লাভ কৰিব।

অধিক পঢ়ক

সকলো চাওক