কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত ১০ হাজাৰৰো অধিক নতুনকৈ স্থাপন কৰা বহুমুখী প্রাথমিক কৃষি সমবায় সমিতি তথা দুগ্ধ আৰু মীন সমবায় ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। তেওঁ লগতে ৰাষ্ট্ৰীয় সমবায় সন্মিলনত নতুনকৈ স্থাপন কৰা সমবায় সমিতিসমূহৰ মাজত পঞ্জীয়ন প্ৰমাণ পত্ৰ, ৰূপে কিষাণ ক্রেডিট কাৰ্ড আৰু মাইক্ৰ’ এ টি এম বিতৰণ কৰিব। পঞ্চায়তসমূহত সুলভ ঋণ সেৱা আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ প্ৰসাৰ, গ্ৰামাঞ্চলৰ জনসাধাৰণক বিভিন্ন আঁচনিৰ উপকাৰ প্ৰদান আৰু ৰাষ্ট্ৰৰ অৰ্থনৈতিক প্ৰগতিত তেওঁলোকৰ অংশগ্রহণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই বিত্তীয় আহিলাসমূহ বিকশাই তোলা হৈছে। নতুন বহুমুখী প্রাথমিক কৃষি সমবায় সমিতি চমুকৈ পি এ চি এছ গঠনে গ্রামাঞ্চলত সমবায় প্রতিষ্ঠানসমূহৰ বৃদ্ধিত সহায় কৰিব। এই পি এ চি এছৰ ভিতৰত আছে ঋণ সমিতি, দুগ্ধ সমবায় আৰু মীন সমবায়। এই সমবায়সমূহে কেৱল বিত্তীয় সেৱা প্ৰদান কৰাই নহয়, গ্রাম্য জনগোষ্ঠীসমূহক একত্ৰিত হৈ প্ৰতিযোগিতামূলকভাৱে কাম কৰাৰ এখন মঞ্চ প্ৰদান কৰিব। উল্লেখযোগ্য যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ শ্ৰীশ্বাহে অহা ৫ বছৰৰ ভিতৰত সমগ্র দেশৰ প্ৰতিখন পঞ্চায়ততে এখনকৈ সমবায় প্রতিষ্ঠান স্থাপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নতুন গঠিত এই সমবায় সমিতিসমূহৰ কাৰ্যকৰী সামর্থ্য বৃদ্ধিৰ কৌশল সম্পর্কে আলোচনাৰ মঞ্চ হিচাপে কাম কৰিব বুলি তেওঁ উল্লেখ কৰে ৷
Site Admin | December 25, 2024 11:41 AM | Amit Shah