বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্র- ইউ এ ইৰ বিদেশ মন্ত্ৰী শ্বেইখ আব্দুলা বিন জায়েদ বিন চুলতান অল নাহয়ানে আজি নতুন দিল্লীত দেশ দুখনৰ যুটীয়া আয়োগৰ পঞ্চদশ বৈঠকত সহ অধ্যক্ষতা কৰিব। দুয়োগৰাকী নেতাই কালি নতুন দিল্লীত উভয় দেশৰ চতুৰ্থ কৌশলগত আলোচনাত সহ অধ্যক্ষতা কৰে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত ড° জয়শংকৰে কয়, যে কৌশলগত আলোচনা হৈছে এখন ফলপ্রসূ মঞ্চ, যিয়ে নেতাসকলে প্ৰদৰ্শন কৰা পথক বাস্তৱত ৰূপায়িত হোৱাত সহায় কৰে। তেওঁ কয় যে বৈঠকত সম্ভাৱনাপূর্ণ ক্ষেত্ৰসমূহৰ লগতে দুয়োখন দেশৰ স্বাৰ্থ জড়িত হৈ থকা মূল বিষয়সমূহ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। ইউ এ ইৰ উপ প্রধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰতৰ সৈতে চতুৰ্থ কৌশলগত আলোচনা আৰু যুটীয়া আয়োগৰ পঞ্চদশ বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যে যোৱা বুধবাৰে নিশা নতুন দিল্লীত উপস্থিত হয়। অভ্যাগত নেতাগৰাকীক আদৰণি জনাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে সামাজিক মাধ্যম এক্সৰ জৰিয়তে কৈছে যে মন্ত্ৰীগৰাকীৰ এই ভ্রমণে ভাৰত আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ মাজত থকা বহুমুখী সৰ্বাত্মক কৌশলগত সহযোগিতাক অধিক শক্তিশালী কৰি তুলিব। উল্লেখযোগ্য যে, ভাৰত আৰু ইউ এ ইৰ মাজত শতিকা পুৰণি বাণিজ্যিক সম্পৰ্ক আছে। ২০২২-২৩ বিত্তীয় বৰ্ষত দেশখন ভাৰতৰ বাবে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ চতুৰ্থ বৃহৎ উৎস হিচাপে পৰিগণিত হৈছিল। দেশখনে ভাৰতৰ আন্তঃগাঁথনি খণ্ডত ইতিমধ্যে ৭,৫০০ কোটি ডলাৰ বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। পশ্চিম এছিয়াৰ এই ৰাষ্ট্ৰখনত ৩৫ লাখৰো অধিক ভাৰতীয় লোকে বসবাস কৰে আৰু দেশখনৰ নাগৰিকসকল ভাৰতীয় সংস্কৃতিৰ সৈতে ভালদৰে পৰিচিত।
Site Admin | December 13, 2024 10:07 AM | India UAE