April 21, 2024 5:36 PM | PM Modi

printer

নতুন দিল্লীত ভগৱান মহাবীৰৰ ২,৫৫০ সংখ্যক নিৰ্বাণ মহোৎসৱ মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বর্তমান সমগ্র বিশ্বই গোলকীয় শান্তি সুনিশ্চিত কৰাৰ বাবে ভাৰতলৈ চাই আছে। মহাবীৰ জয়ন্তীৰ পবিত্ৰ ক্ষণত আজি নতুন দিল্লীত ভগৱান মহাবীৰৰ ২৫৫০ সংখ্যক নির্বাণ মহোৎসৱ মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে দেশৰ বৰ্ধিত সমৰ্থ আৰু বিদেশ নীতিক নতুন ভাৰতৰ এই নতুন ভূমিকাৰ কৃতিত্ব প্ৰদান কৰে। তেওঁ কয় যে, গোলকীয় সংঘৰ্ষৰ সময়ত ভাৰতৰ তীৰ্থাংকৰ সকলৰ শিকনিসমূহ অধিক প্ৰাসংগিক হৈ পৰিছে। ভগৱান মহাবীৰৰ প্ৰতি যুৱ প্ৰজন্মৰ আকৰ্ষণে দেশ সঠিক দিশত আগুৱাৰ নিশ্চয়তা প্ৰদান কৰে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, ভাৰত বিশ্বৰ সবাতকৈ পুৰণি সভ্যতাই নহয় বৰং মানৱতাৰো স্বৰ্গ। তেওঁ কয় যে ভাৰতে অকল নিজৰেই নহয় বৰং সকলোৰে কথা চিন্তা কৰে। ভাৰতে গোলকীয়ভাৱে আত্ম বিশ্বাসেৰে সত্য আৰু অহিংসাৰ মন্ত্ৰৰ প্ৰসাৰ সাধিছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। এই উপলক্ষে কেন্দ্রীয় মন্ত্রী অর্জুন ৰাম মেঘৱালে কয় যে, ভগৱান মহাবীৰৰ আদৰ্শৰাজি আজিও প্ৰাসংগিক হৈ আছে। তেওঁ কয় যে নিজে বাচি থকা আৰু আনকো বাচি থাকিবলৈ দিয়াৰ নীতি অতিকে গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক । মহাবীৰ জয়ন্তীৰ লগত সংগতি ৰাখি শ্ৰীমোদীয়ে এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰে।

অধিক পঢ়ক

সকলো চাওক