ডাউনলোড
মোবাইল এপ

android apple
signal

November 16, 2024 10:41 AM | Bodoland Mahotsav PM

printer

নতুন দিল্লীত বড়োলেণ্ড মহোৎসৱ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

বড়ো শান্তি চুক্তিয়ে অকল বড়ো সম্প্রদায়ক উপকৃত কৰাই নহয় বৰং ভালেমান শান্তি চুক্তিৰ বাত প্ৰশস্ত কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত বড়োলেণ্ড মহোৎসৱ উদ্বোধন কৰি দিয়া ভাষণত প্ৰকাশ কৰে। তেওঁ কয়, যে শান্তি চুক্তিৰ বাবে অকল অসমতে ১০ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে অস্ত্ৰ-শস্ত্ৰ আৰু হিংসা ত্যাগ কৰি মূল সুঁতিলৈ ঘূৰি আহিছে। তেওঁ কয় যে, শান্তি চুক্তি পাছৰে পৰা বড়ো ভূমিত উন্নয়নৰ নতুন চৌ পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, যে ৫০ বছৰজোৰা হিংসাত্মক পৰিস্থিতিৰ পাছত বড়ো ভূমিত হোৱা উন্নয়নে তেওঁক সন্তুষ্টি দিছে। শ্ৰী মোদীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰে বড়োলেণ্ডৰ উন্নয়নৰ বাবে এহেজাৰ ৫০০ কোটি টকাৰ বিশেষ পেকেজ প্ৰদান কৰিছে। বড়োলেণ্ডত শিক্ষা, স্বাস্থ্য আৰু সংস্কৃতিৰ সৈতে জড়িত আন্তঃগাঁথনি উন্নয়নৰ বাবে ৭০০ কোটিৰো অধিক টকা ব্যয় কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ নক্সালবাদৰ পথ অনুসৰণ কৰা লোকসকলক বড়ো সম্প্রদায়ৰ লোকসকলৰ পৰা কিবা শিকিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়। শ্রী মোদীয়ে বছৰ বছৰ জোৰা সংঘৰ্ষ আৰু মধ্যস্থতাৰ প্ৰয়াসৰ অন্তত নতুন ইতিহাস ৰচনা কৰাৰ বাবে বড়ো সম্প্ৰদায়ৰ লোকসকলক ভূষশী প্ৰশংসা কৰে। ২০২০ চনত বড়ো শান্তি চুক্তি সম্পাদিত হোৱাৰ পাছত লাভ কৰা কোকৰাঝাৰ ভ্ৰমণৰ কথা স্মৰণ কৰি শ্রী মোদীয়ে কয়, যে অঞ্চলটোৰ জনসাধাৰণে তেওঁৰ প্ৰতি দেখুওৱা মৰম আৰু আন্তৰিকতাক তেওঁ কেতিয়াও পাহৰিব নোৱাৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যে এই কোকৰাঝাৰ ভ্ৰমণৰ চাৰি বছৰ পাছতো একেই ধৰণৰ মৰম আৰু আন্তৰিকতাই তেওঁক আপ্লুট কৰি তুলিছে। দক্ষতা বিকাশ আৰু যুৱ প্ৰজন্ম তথা মহিলাৰ উন্নয়নৰ বাবে সুযোগৰ উপলব্ধতাৰ বিষয়ে গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে দক্ষতা, উদ্যমশীলতা, কর্মসংস্থাপন আৰু উন্নয়নৰ বাবে প্ৰৱৰ্তন কৰা ছীড অভিযানৰ বিষয়ে উল্লেখ কৰে। এই অভিযানৰ জৰিয়তে বড়ো সম্প্ৰদায়ৰ যুৱক-যুৱতীসকল উপকৃত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্রকাশ কৰে। শ্ৰী মোদীয়ে কয়, যে বড়ো সম্প্ৰদায়ৰ প্ৰগতি আৰু সমৃদ্ধি সুনিশ্চিত কৰিবলৈ এন ডি এ চৰকাৰ বদ্ধপৰিকৰ। অসমসহ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক দেশৰ অষ্টলক্ষ্মী বুলি অভিহিত কৰি প্রধানমন্ত্রীয়ে কয়, যে উন্নত ভাৰতৰ সংকল্পলৈ নতুন শক্তি প্ৰদানৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ পৰাই উন্নয়নৰ উদয় হ’ব। তেওঁ কয়, যে চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজৰ সীমা বিবাদৰ সৰ্বসন্মত সমাধানেৰে অঞ্চলটোত স্থায়ী শান্তিৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আছে। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, বি টি আৰৰ মুৰববী প্রমোদ বড়ো, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো, বড়ো সাহিত্য সভাৰ সভাপতি ড০ সুৰ্থ নাৰ্জাৰী বড়ো মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভার্চুৱেল ব্যৱস্থাৰে অনুষ্ঠানত ভাগ লয়। বড়োভূমিৰ কলা-সংস্কৃতি, ভাষা সাহিত্যৰ ভিন্ন দিশ প্ৰতিফলিত কৰাৰ উপৰি ২০২০ চনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বড়ো শান্তি চুক্তি সম্পাদিত হোৱাৰ পাছৰে পৰা অঞ্চলটোত প্ৰতিষ্ঠা হোৱা শান্তিৰ পৰিবেশ চিৰস্থায়ী কৰাৰ লক্ষ্যৰে এই মহোৎসৱ অনুষ্ঠিত হৈছে। এই শান্তি চুক্তিয়ে বড়ো ভূমিত সংঘৰ্ষ আৰু হিংসাৰ অৱসান ঘটোৱাই নহয় বৰং উত্তৰ-পূৰ্বাঞ্চলত আন বহু শান্তি চুক্তিৰ বাবে পথ মুকলি কৰিছে।

অধিক পঢ়ক

সকলো চাওক