ডাউনলোড
মোবাইল এপ

android apple
signal

July 19, 2024 8:35 PM | Anupriya Patel

printer

নতুন দিল্লীত পৰিয়াল পৰিকল্পনা সন্দৰ্ভত বৈঠক

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্রী অনুপ্রিয়া পেটেলে কৈছে যে, চৰকাৰে দেশত প্ৰসৱকালীন মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ হকে কাম কৰি আছে। দেশত সুস্থিৰ জনসংখ্যা সুনিশ্চিত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ ফলপ্ৰসূ হৈছে বুলিও শ্রীপেটেলে লগতে কয়। ইয়াৰ ফলস্বৰূপে ২০৩০ চনৰ পূৰ্বে দেশত প্ৰসৱকালীন মৃত্যু প্রতি ১ লাখৰ ভিতৰত ৭০ গৰাকীৰ তললৈ অনাৰ বহনক্ষম বিকাশৰ লক্ষ্যত উপনীত হোৱাটো নিশ্চিত হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে, দেশৰ প্ৰতি গৰাকী মহিলা নাগৰিকৰ জীৱন অতিকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰসৱকালীন মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আজি নতুন দিল্লীত মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত বিশেষজ্ঞসকলৰ সৈতে পৰিয়াল পৰিকল্পনা সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। অনুষ্ঠানত শ্ৰীপেটেলে কয় যে, চৰকাৰে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিয়ান আৰু এনিমিয়ামুক্ত ভাৰত অভিয়ানৰ দৰে আঁচনিসমূহে প্ৰসৱকালীন মৃত্যুৰ হাৰ ২০১৪ চনৰ প্ৰতি লাখত ১৩০ৰ পৰা বৰ্তমান ৭০ গৰাকীলৈ নমাই অনাত সহায় কৰিছে। পৰিয়াল পৰিকল্পনাৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, পৰিয়াল পৰিকল্পনা কেৱল মহিলাগৰাকীৰেই দায়িত্ব নহয়, বৰং পুৰুষসকলেও এই ক্ষেত্ৰত সমানে দায়িত্ব পালন কৰা উচিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি শ্ৰীপেটেলে কয় যে, এই লক্ষ্যত উপনীত হ’বলৈ মহিলা সৱলীকৰণ অন্যতম গুৰুত্বপূৰ্ণ কাৰক আৰু জনসংখ্যা সুস্থিৰকৰণ পদক্ষেপসমূহ বৰ্তমান মহিলা সৱলীকৰণৰ প্ৰয়োজনীয় আহিলা হৈ পৰিছে।

অধিক পঢ়ক

সকলো চাওক