প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত মিছন মৌচমৰ শুভাৰম্ভ কৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সময়ত ভাৰত মণ্ডপমত প্রধানমন্ত্রীয়ে এই অভিযান আৰম্ভ কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি মিছন মৌচমে অত্যাধুনিক বতৰ নিৰীক্ষণ প্ৰযুক্তি আৰু ব্যৱস্থা বিকশিত কৰিব। এই পদক্ষেপৰ দ্বাৰা উচ্চ প্রাবল্যৰ বায়ুমণ্ডলীয় পর্যবেক্ষণ, পৰৱৰ্তী প্ৰজন্মৰ ৰাডাৰ আৰু উপগ্ৰহ আৰু উচ্চ ক্ষমতাসম্পন্ন কম্পিউটাৰ সন্নিবিষ্ট কৰা হ’ব। ইয়াৰ উপৰিও এই অভিযানে বতৰ আৰু জলবায়ুৰ বিষয়ে জনাৰ ব্যৱস্থা উন্নত কৰা আৰু বায়ুৰ গুণাগুণৰ তথ্য প্ৰদান কৰাতো গুৰুত্ব দিব। যাৰ দ্বাৰা দীৰ্ঘম্যাদী বতৰ ব্যৱস্থাপনা আৰু কৌশল প্ৰস্তুত কৰাত সহায়ক হ’ব। এই অনুষ্ঠানতেই প্রধানমন্ত্রীয়ে বতৰ স্থিতিস্থাপকতা আৰু জলবায়ু পৰিৱৰ্তনৰ অভিযোজনাৰ বাবে আই এম ডি ভিছন ২০৪৭ প্রকাশ কৰিব। ইয়াত বতৰৰ পূর্বাভাস, বতৰ ব্যৱস্থাপনা, জলবায়ু পৰিৱৰ্তন প্রশমনৰ পৰিকল্পনা অন্তৰ্ভুক্ত কৰা হৈছে। বিগত ডেৰশ বছৰত আই এম ডিৰ কৃতিত্বৰ প্ৰদৰ্শনৰ বাবে ধাৰাবাহিকভাৱে অনুষ্ঠান কাৰ্যসূচী আৰু কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই উদযাপনত জলবায়ুৰ স্থিতিস্থাপকতা, বতৰ আৰু জলবায়ুৰ ক্ষেত্ৰত আই এম ডিৰ ভূমিকা আৰু অৱদানৰ ওপৰত আলোকপাত কৰা হ’ব ।
Site Admin | January 14, 2025 10:30 AM | PM Modi @ IMD Foundation Day