পঞ্চায়তী ৰাজ মন্ত্ৰ্যালয়ৰ অধীনত কালি নতুন দিল্লীত পঞ্চায়তত মহিলাৰ নেতৃত্ব বিষয়ক এখন ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত হয়। এই কর্মশালাত দেশৰ বিভিন্ন প্ৰান্তৰ ১৬০ গৰাকীৰো অধিক পঞ্চায়ত প্রতিনিধিয়ে অংশগ্রহণ কৰে ৷ অনুষ্ঠানত ভাষণ দি পুডুচেৰীৰ প্ৰাক্তন উপ ৰাজ্যপাল কিৰণ বেদীয়ে তৃণমূল পৰ্যায়ত পঞ্চায়তৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোকপাত কৰি পঞ্চায়ত প্ৰতিনিধিসকলক সেইসমূহৰ সমাধানৰ পৰামৰ্শ প্ৰদান কৰে। তেওঁ কয় যে- পঞ্চায়ত চৰপঞ্চসকলে তেওঁলোকৰ দায়িত্বসমূহ গ্ৰহণ কৰা উচিত কিয়নো দেশৰ দুই-তৃতীয়াংশ লোক গ্ৰাম্য ভাৰতত বাস কৰে।
Site Admin | August 15, 2024 11:50 AM | Panchayatiraj Ministry